/asomiyapratidin/media/media_files/2025/04/01/XcM9uhrrnbgimriZBYt3.jpg)
ডিজিটেল সংবাদ, ধুবুৰী : নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে ধুবুৰী জিলা আৰক্ষীৰ তীব্ৰ অভিযান অব্যাহত আছে। এনে সময়তে মঙলবাৰে সন্ধিয়া প্ৰায় ৬-০০ বজাত গোলকগঞ্জ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱজিৎ কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটি দলে এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই উত্তৰ ৰায়পুৰৰ ৰে'লৱে উৰণীয়া সেতুৰ কাষত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰে।
ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনক উত্তৰ ৰায়পুৰ প্ৰথম খণ্ডৰ আমিনুৰ বেপাৰী বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে চলোৱা অভিযানত সৰবৰাহকাৰীজনৰ পৰা ভালেসংখ্যক নিচাজাতীয় ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সৰবৰাহকাৰীজনক থানালৈ লৈ আনি অনুসন্ধান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।