/asomiyapratidin/media/media_files/2025/04/19/SQtiH3h7FeZfRQGzQ8Gv.jpg)
ডিজিটেল সংবাদ, পৰ্বতঝোৰা : গৌৰীপুৰৰ পিয়াজবাৰীত আঠানি আৰক্ষীৰ অভিযানত অবৈধভাৱে মাটি খনন কৰা এখন এক্সেভেটৰ জব্দ কৰা হৈছে। আৰক্ষীয়ে জব্দ কৰা এক্সেভেটৰখনৰ পঞ্জীয়ন নম্বৰ- এ এছ-১৭-বি- ৮১৮৩। ইতিমধ্যে আৰক্ষীয়ে বাহনখন ধুবুৰী বন বিভাগক চমজাই দিছে।
উল্লেখযোগ্য যে, ধুবুৰী বন বিভাগৰ নিৰ্লিপ্ত ভূমিকাৰ বাবে টিপকাই, গৌৰাং নদীৰ মৰাসুঁতিসমূহত একাংশ ভূ-মাফিয়াই দিনে -নিশাই এক্সেভেটৰেৰে অবৈধভাৱে মাটি খান্দি নৈপৰীয়া অঞ্চলসমূহলৈ ভাবুকিৰ সৃষ্টি কৰি আহিছে।
উল্লেখ্য যে, গৌৰীপুৰ খণ্ড বন বিষয়া কাৰ্য্যালয় আণ্ডামাৰী, কাসিয়াবাৰী, জহৰমুৰা, পিয়াজবাৰী, টোপপাৰা, ঝাওপাৰাকে ধৰি বিভিন্ন স্থানত অবৈধ খনন কাৰ্য্য অব্যাহত আছে যদিও সকলো দেখিও নেদেখাৰ ভাওত ধুবুৰী বন বিভাগ। আনহাতে বন বিভাগৰ দায়িত্ব আৰক্ষীয়ে পালন কৰিব লগা হোৱা ঘটনাই সচেতন মহলত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।