/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
ডিজিটেল ডেস্ক : মহানগৰীৰ কেইবাটাও স্থানত বৃহস্পতিবাৰে বশিষ্ঠ আৰক্ষী আৰু এছ টি এফে অভিযান চলায়। এই যুটীয়া অভিযানত আৰক্ষীয়ে খানাপাৰা, ৰুক্মিণীনগৰৰ পৰা বুজন পৰিমাণৰ ড্রাগছ জব্দ কৰে। লগতে ৩জন কুখ্যাত ড্রাগছ মাফিয়াক আটক কৰে।
উক্ত অভিযানত আটক কৰা লোক কেইজন হৈছে- ধেমাজিৰ মাছখোৱাৰ ক্ষীৰোদ দলে, ঢকুৱাখনাৰ ৰিতুৰাজ পাটিৰ আৰু ডেকা ভাস্কৰ পেগু। অভিযানত ৯৬.৭৩গ্রাম হেৰ’ইন ভৰ্তি ৭২টা কণ্টেইনাৰ জব্দ কৰে দলটোৱে। লগতে জব্দ ৩১টা খালী কণ্টেইনাৰ, নগদ ১৩ হাজাৰ টকা এখন স্কুটীৰ উপৰি দুটা ম’বাইল ফোন জব্দ কৰে।