গভীৰ নিশা সুৰা আৰু জুৱাৰ আড্ডাস্থলীত আৰক্ষীৰ অভিযান : কেইবা লাখ টকাৰ লগতে বাহন জব্দ

গভীৰ নিশালৈকে চলি থকা সুৰা আৰু জুৱাৰ এক আড্ডাস্থলীত আৰক্ষীয়ে অতৰ্কিতে অভিযান চলায়। শুকুৰবাৰে নিশা চলা এই অভিযানত ১২ গৰাকী যুৱতীক আটক কৰে আৰক্ষীয়ে।

author-image
Asomiya Pratidin
New Update
437

ডিজিটেল ডেস্ক : গভীৰ নিশালৈকে চলি থকা সুৰা আৰু জুৱাৰ এক আড্ডাস্থলীত আৰক্ষীয়ে অতৰ্কিতে অভিযান চলায়। শুকুৰবাৰে নিশা চলা এই অভিযানত ১২ গৰাকী যুৱতীক আটক কৰে আৰক্ষীয়ে। 

Advertisment

তাৰোপৰি উক্ত আড্ডাস্থলীৰ পৰাই ৬০ৰো অধিক যুৱকক আটক কৰে আৰক্ষী। গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে চলোৱা এই অভিযানত আড্ডাস্থলীৰ পৰা ৩ লাখ ৬৯ হাজাৰ টকা জব্দ কৰে। একেদৰে ২০ টা অবৈধ সুৰাৰ বটলৰ লগতে ২১খন বাহন জব্দ কৰাৰ কথা সদৰী কৰে আৰক্ষীয়ে। 

উল্লেখযোগ্য যে, এই ঘটনা সংঘটিত হৈছে হাৰিয়ানাৰ পাঞ্চুকুলা চহৰত। চহৰখনৰ এখন বাৰত নীতি বিৰুদ্ধভাৱে এনে কাৰ্য কৰি থকাৰ অভিযোগত আৰক্ষীয়ে আটাইকেইগৰাকী যুৱক- যুৱতীক আটক কৰে।

লগতে বাৰখনৰ মেনেজাৰ আৰু স্বত্বাধিকাৰীৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰে। ইতিমধ্যে ঘটনা সম্পৰ্কত আৰক্ষীয়ে তদন্ত অৱ্যাহত ৰাখিছে।

police hariyana