/asomiyapratidin/media/media_files/2024/12/17/PBSCzkCWlEV126hI6fS2.jpg)
ডিজিটেল সংবাদ, মানকাচৰ : ৰাজ্যত অৱ্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। ইয়াৰ মাজতে মানকাচৰ আৰক্ষীয়ে মঙলবাৰে ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলে।
মঙলবাৰে কুচনীমাৰাত অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ নেতৃত্বত মানকাচৰ আৰক্ষীয়ে অভিযান চলাই দুই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। একেদৰে এই অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰা বুলি জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে কুচনিমাৰাৰ সাহেব হুছেইনৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ হে'ৰইনসহ গ্ৰেপ্তাৰ কৰা হৈছে দুই সৰবৰাহকাৰীক। ধৃত সৰবৰাহকাৰী দুটাক পূৱ কুচনীমাৰা গাঁৱৰ আব্দুল মালেকৰ পুত্ৰ সাহেব হুছেইন আৰু কদমতলী গাঁৱৰ ৰাহুদুল ইছলামৰ পুত্ৰ ৰবিউল ইছলাম বুলি চিনাক্ত কৰা হৈছে।
আৰক্ষীৰ এই অভিযানত সন্দেহযুক্ত ২৫ গ্ৰাম হে'ৰইন জব্দ কৰাৰ লগতে ৪১ টা খালি কণ্টেইনাৰ, ৪টা চাবোনৰ বাকচ আৰু নগদ ৬৭ হেজাৰ জব্দ কৰিছে অভিযানকাৰী আৰক্ষীৰ দলটোৱে। আনহাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই ড্ৰাগছ সৰবৰাহকাৰীক হাটশিঙিমাৰী জিলা আদালতত হাজিৰ কৰোৱা হ’ব বুলি জানিবলৈ দিয়ে।