ধুবুৰী জিলাৰ বিভিন্ন এলেকাত আৰক্ষীৰ অভিযান : ৩০ জন অপৰাধীক গ্ৰেপ্তাৰ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে ধুবুৰীত উপস্থিত হৈ অপৰাধীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ বাবে আৰক্ষীক নিৰ্দেশ দিয়াৰ পিচতেই নিশা ধুবুৰী জিলা আৰক্ষীয়ে বিভিন্ন থানা এলেকাত অভিযান চলায়।

author-image
Asomiya Pratidin
New Update
 ৩০ জন অপৰাধীক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, ধুবুৰী : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে ধুবুৰীত উপস্থিত হৈ অপৰাধীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ বাবে আৰক্ষীক নিৰ্দেশ দিয়াৰ পিচতেই নিশা ধুবুৰী জিলা আৰক্ষীয়ে বিভিন্ন থানা এলেকাত অভিযান চলায়। এই অভিযানত মুঠ ৩০ জন অপৰাধীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।  

Advertisment

ধুবুৰী জিলা আৰক্ষীয়ে ধুবুৰী সদৰ থানাৰ পৰা ৪ জনক, তামাৰহাট থানাৰ পৰা ৫ জনক গ্ৰেপ্তাৰ কৰে। একেদৰে আগমণি আৰক্ষী থানাৰ পৰা ১ জনক, গৌৰীপুৰ থানাৰ পৰা ৭ জনক, গোলকগঞ্জ থানাৰ পৰা ৪ জনক, বিলাসীপাৰা থানাৰ পৰা ১ জনক, চাপৰ থানাৰ পৰা ৩ জনক আৰু সাপটগ্ৰাম থানাৰ পৰা ৫ জনক গ্ৰেপ্তাৰ কৰে। 

আনহাতে শুকুৰবাৰে নিশা ধুবুৰী চহৰত আইজিপি অখিলেশ কুমাৰ সিঙৰ নেতৃত্বত আৰক্ষী আৰু আৰ এ এফ বাহিনীয়ে ধুবুৰী চহৰৰ বিভিন্ন এলেকাত ব্যাপক অভিযান অব্যাহত ৰাখে।

অসম আৰক্ষী