/asomiyapratidin/media/media_files/2025/05/20/lQvoi98Ye07rMge5gcUA.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে চতিয়াত আৰক্ষীয়ে পুনৰ চলাইছে অভিযান। চতিয়া আৰক্ষী আৰু বিশ্বনাথৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ যৌথ অভিযানত মঙলবাৰে দুজন ড্ৰাগছ সৰবৰাহকাৰী আটক কৰে ৷
এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, এক গোপন সূত্ৰৰ পমখেদি আৰক্ষীৰ অভিযানকাৰী দলে এ এছ-১২-চি চি- ১৪১০ নম্বৰৰ টেম্পোখনত অহা জমিৰ আলি আৰু ইক্ৰামুল হুছেইনক চতিয়াৰ পতিয়া গাঁৱৰ তিনিআলিৰ সমীপত ড্ৰাগছসহ আটক কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে সৰবৰাহকাৰী দুজনৰ পৰা ৪৩ টাকৈ ড্ৰাগছ ভৰ্ত্তি কন্টেইনাৰ জব্দ কৰে। লগতে জব্দকৃত ড্ৰাগছখিনিৰ পৰিমাণ ৬০.৫৬ গ্ৰাম হ’ব বুলি আৰক্ষীয়ে সদৰী কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t074011345z-untitled-1-2025-10-28-13-10-11.png)
Follow Us