/asomiyapratidin/media/media_files/2025/06/20/210-2025-06-20-10-47-23.jpg)
হেলেম আৰক্ষীৰ অভিযান
ডিজিটেল সংবাদ, ছয়দুৱাৰ : অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে দৃঢ় স্থিতি গ্ৰহণ কৰি অহা হেলেম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ চিতলাৰ নেতৃত্বত গৰুচোৰৰ বিৰুদ্ধে চলিছে তীব্ৰ অভিযান। আৰক্ষী বিষয়াগৰাকীৰ নেতৃত্বত চলা এই অভিযানত গ্ৰেপ্তাৰ হৈছে দুজনকৈ গভাইত গৰু চোৰ।
নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত জুৰীয়া থিয় ঠংঙানীৰ ছাহিদুল হকৰ পুত্ৰ ৰছিদুল হক আৰু নিজ জুৰীয়া নিবাসী ইব্ৰাহীম আলীৰ পুত্ৰ ইমৰান হুছেইনে যোৱা কিছুদিনৰে পৰা হেলেম আৰক্ষী থানাৰ বিভিন্ন এলেকাত গৰু চুৰি কৰি সন্ত্ৰাস চলাই আহিছিল। উক্ত দুই গৰুচোৰৰ বিৰুদ্ধে হেলেম আৰক্ষীয়ে লাভ কৰা যাৱতীয় তথ্য প্ৰমাণৰ ভিত্তিত দুয়োকে নগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে।
আৰক্ষী বিষয়া পংকজ চিতলাৰ নেতৃত্বত যোৱা হেলেম আৰক্ষীৰ এটা দলে দুয়োকে গ্ৰেপ্তাৰ কৰি থানালৈ লৈ অহাৰ পিছত বৃহস্পতিবাৰে তেওঁলোকক জে’ল হাজোতলৈ প্ৰেৰণ কৰে। আৰক্ষীৰ জেৰাত তেওঁলোকে গৰু চোৰৰ লগত জড়িত থকাৰ কথা স্বীকাৰ কৰা বুলি জানিব পৰা গৈছে।
উক্ত দুই গৰুচোৰৰ বিৰুদ্ধে হেলেম আৰক্ষী থানাত ভাৰতীয় ন্যায় সংহিতাৰ অধীনত ৩০৩(২) ধাৰাৰ অধীনত ৪৫/২০২৫ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰা হৈছে।