/asomiyapratidin/media/media_files/2025/02/27/lsYia4SXdcLc1TAWoUCL.jpg)
জন্মস্থান দক্ষিণপাটত শোকৰ বন্যা
ডিজিটেল সংবাদ, বেবেজীয়া : বৃহস্পতিবাৰে পুৱতি নিশা গুৱহাটীত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিৰিঞ্চি দাস (৪৭)ৰ মৃত্যু হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে আৰক্ষী বিষয়াগৰাকীৰ জন্মস্থান নগাঁও জিলাৰ বেবেজীয়া আৰক্ষী চকী অন্তৰ্গত দক্ষিণপাট গাঁৱত শোকৰ বন্যা বৈছে । আজি পুৱাৰ পৰাই দুৰ্ঘটনাত মৃত্যু হোৱা বিৰিঞ্চি দাসৰ ঘৰত দক্ষিণপাট গাঁৱকে ধৰি বৃহত্তৰ দক্ষিণপাট অঞ্চলৰ বহুলোক সমবেত হৈ শোকত ভাগি পৰে।
সমগ্ৰ অঞ্চলটোত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়। তাৰোপৰি বিয়লি দাসৰ মৃতদেহ ঘৰ আহি পোৱাৰ পিছতে ঘৰখনত কান্দোনৰ ৰোল উঠে। পিতৃ অৱসৰপ্ৰাপ্ত শিক্ষক ঘনশ্যাম দাস আৰু আৰক্ষী বিষয়াজনৰ পত্নীৰ হিয়াভঙা কান্দোনত গাঁৱৰ সকলোৰে চকুৰে চকুলো বৈ অহা দৃশ্য মৰ্মান্তিক।
উল্লেখযোগ্য যে একমাত্ৰ কন্যা শিশুটিৰ অবুজ চাৱনিয়ে উপস্থিত সকলোকে এবাৰলৈ হ'লেও ভবাই তুলিছে। কনমানি শিশুজনীয়ে হঠাৎ কি হৈ গ'ল সেয়া তলকিবই নোৱাৰিলে। ইফালে এক শোকাকুল পৰিৱেশত আজিয়েই তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে আজিৰ পৰা প্ৰায় ১৮ দিন পূৰ্বে ৮ ফেব্ৰুৱাৰীত আৰক্ষী বিষয়াজনৰ মাতৃৰ মৃত্যু হৈছিল। মৃত্যুৰ সময়ত তেওঁ পিতৃ ,পত্নী আৰু একমাত্ৰ কন্যাসহ বহু আত্মীয় স্বজন ইহসংসাৰত এৰি থৈ যায়।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us