নন্দিনীৰ হিট এণ্ড ৰান গোচৰৰ দালালি কৰি বিপদত আৰক্ষী জোৱান

অভিনেত্ৰী নন্দিনী কাশ্যপৰ হিট এণ্ড ৰান গোচৰৰ দালালি কৰি বিপদত পৰিছে এগৰাকী আৰক্ষী জোৱান। এই জোৱানজনৰ নাম হৈছে হামিদ আলী। 

author-image
Asomiya Pratidin
New Update
AP FOR WEB cfhf

ডিজিটেল ডেস্ক : অভিনেত্ৰী নন্দিনী কাশ্যপৰ হিট এণ্ড ৰান গোচৰৰ দালালি কৰি বিপদত পৰিছে এগৰাকী আৰক্ষী জোৱান। এই জোৱানজনৰ নাম হৈছে হামিদ আলী। 

Advertisment

জানিব পৰা মতে নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত আঘাতপ্ৰাপ্ত হৈ অকাল মৃত্যুক আঁকোৱালি লোৱা ছামিউল হকৰ পৰিয়ালক অভিযুক্ত নন্দিনী কাশ্যপৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ উঠাই ল’বলৈ হেঁচা প্ৰয়োগ কৰিছিল আৰক্ষী জোৱান হামিদে। এই দালালি কাৰ্যত জড়িত থকাৰ অভিযোগতে বৃহস্পতিবাৰে নিশা দিশপুৰ থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰক্ষী জোৱানগৰাকীক।

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, শুকুৰবাৰে পুৱতি নিশা দক্ষিণগাঁৱত অভিনেত্ৰী নন্দিনী কাশ্যপৰ বলেৰ’ বাহনৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল নলবাৰী পলিটেকনিকৰ ছাত্ৰ ছামিউল হক। ইয়াৰ পাছতে তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও জীৱন- মৃত্যুৰে যুঁজি অৱশেষত মঙলবাৰে বিয়লি শেষ নিশ্বাস ত্যাগ কৰিছিল ছামিউলে। 

ইয়াৰ পাছতে এই ঘটনাই ৰাজ্যজুৰি বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। ছামিউলৰ পৰিয়ালৰ লগতে সচেতন মহলে অভিযুক্ত নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰো দাবী তুলিছে।

ইতিমধ্যে আৰক্ষীৰ জিম্মাত থকা নন্দিনী কাশ্যপক জেৰা- চলাই থকাৰ লগতে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে।

অসম আৰক্ষী