আৰক্ষীৰ এনকাউন্টাৰত মৃত্যু! উত্তৰ প্ৰদেশকো চেৰ পেলালে এইখন ৰাজ্যই…

আৰক্ষীৰ এনকাউন্টাৰত মৃত্যু! উত্তৰ প্ৰদেশকো চেৰ পেলালে এইখন ৰাজ্যই…

দেশত আৰক্ষীয়ে কৰা এনকাউন্টাৰক লৈ বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন হোৱা দেখা যায়।একাংশৰ মতে বিগত কেইটামান বৰ্ষত উত্তৰ প্ৰদেশত সবাতোকৈ বেছি এনকাউন্টাৰৰ ঘটনা সংঘটিত হৈছে। কিন্তু তথ্য অনুসৰি ইয়াৰ এক পৃথক ছবিহে দেখা যায়।

লোকসভাত বিজেপিৰ সাংসদ বৰুণ গান্ধীয়ে আৰক্ষীৰ এনকাউন্টাৰত হোৱা মৃত্যুক লৈ প্ৰশ্ন উত্থাপন কৰিছিল।ইয়াৰ পিছতেই এই সন্দৰ্ভত গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰয়ে ইয়াৰ উত্তৰ দিয়ে। তেওঁ কয় যে বিগত ৫ বছৰত সমগ্ৰ দেশত এনকাউন্টাৰৰ ফলত ৬৫৫ জন লোকৰ মৃত্যু হৈছে।এই তথ্য ২০১৭ চনৰ ১ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰী ২০২২ লৈ।

কেন্দ্ৰ চৰকাৰে কয় যে বিগত ৫ বছৰত এনকাউন্টাৰৰ ফলত সবাতোকৈ বেছি মৃত্যু চট্টীশগড়ত হৈছে।চট্ট্ৰীশগড়ত এনকাউন্টাৰৰ ফলত ১৯১ জনৰ মৃত্যু হৈছে। দ্বিতীয় স্থানত আছে উত্তৰ প্ৰদেশ য'ত ১১৭ জনৰ মৃত্যু হৈছে।

উল্লেখ্য যে, ভাৰতীয় সংবিধানত এনকাউন্টাৰৰ বিষয়ে কোনো কথা উল্লেখ নাই। অৱশ্যে কিছুমান নিয়ম আছে যাৰ সহায়ত আৰক্ষীয়ে অপৰাধীক আক্ৰমণ কৰা আৰু সেই সময়ত অপৰাধীৰ মৃত্যু হ'লে সেই মৃত্যু শুদ্ধ বুলি কোৱাৰ অধিকাৰ আছে।

চিআৰপিচি ৰ ধাৰা ৪৬ ৰ মতে যদি কোনো অপৰাধীয়ে গ্ৰেপ্তাৰৰ পৰা ৰক্ষা পোৱাৰ চেষ্টা কৰে অথবা আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰে অথবা আৰক্ষীক আক্ৰমণ কৰে তেতিয়া আৰক্ষীয়ে ইয়াৰ প্ৰত্যুত্তৰ দিব পাৰে।

তদুপৰি আৰক্ষীৰ এনকাউন্টাৰত হোৱা মৃত্যুৰ তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ে কিছুমান নীতি-নিৰ্দেশনা বান্ধি দিছে।সেই নীতি অনুসৰি এনে ধৰণৰ ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল হব লাগে। লগতে ইয়াৰ তদন্ত চিআইডি অথবা বেলেগ আৰক্ষী থানাৰ দলে কৰিব লাগে।

উচ্চতম ন্যায়ালয়ৰ মতে আৰক্ষীৰ গুলীত নিহতৰ দণ্ডাধিশৰ তদন্ত হ'ব লাগে। লগতে এনেধৰণৰ ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ অথবা ৰাজ্য মানৱ অধিকাৰ আয়োগক জনাব লাগে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in