Advertisment

গণৰাজ্য দিৱস সমাগত ! জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ ব্যাপক তালাচী…

কুটাঘাটকাৰীয়ে যাতে অঞ্চলটোত কোনোধণৰ কুটাঘাটৰ জৰিয়তে সন্ত্ৰাস সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি জামুগুৰিহাটত ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে ভিতৰুৱা স্হানতো যানবাহন সমূহত চলাইছে তীব্ৰ অভিযান৷

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ  চলিত মাহৰ ২৬ তাৰিখে সমগ্ৰ দেশে পালন কৰিব গণৰাজ্য দিৱস । সেই উপলক্ষে কুটাঘাতমূলক কাৰ্যকলাপ ৰোধ কৰিবলৈ সষ্টম হৈছে আৰক্ষী-প্ৰসাসন । সমান্তৰালভাৱে জামুগুৰিহাটতো প্ৰশাসনে গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা ।

Advertisment

কুটাঘাটকাৰীয়ে যাতে অঞ্চলটোত কোনোধণৰ কুটাঘাটৰ জৰিয়তে সন্ত্ৰাস সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি জামুগুৰিহাটত ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে ভিতৰুৱা স্হানতো যানবাহন সমূহত চলাইছে তীব্ৰ অভিযান৷

জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হাজিৰ আলি চৰকাৰৰ নেতৃত্বত বৃহৎ আৰক্ষীৰ দলে শনিবাৰৰ পৰাই আৰক্ষী থানা এলেকাৰ ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰা যানবাহন সমূহৰ ওপৰত ব্যাপক তালাচী অভিযান অব্যাহত ৰখা পৰিলক্ষিত হৈছে৷

ৰাষ্ট্ৰীয় ঘাইপথেদি চলাল কৰা সৰু-বৰ যান-বাহনৰ লগতে চৰকাৰী আৰু বেচৰকাৰী যাত্ৰীবাহী বাছসমূহতো চলিছে আৰক্ষীৰ তলাচী অভিযান৷ বাছৰ যাত্ৰীক নমাই আৰক্ষীৰ দলটোৱে যাত্ৰীবাহী বাছ সমূহৰ ভিতৰত প্ৰৱেশ কৰি বয়বস্তু সমূহৰো তন্নতন্নকৈ পৰীক্ষা কৰিহে যাত্ৰী সকলক পুনৰ বাছত উঠিবলৈ দিছে আৰক্ষীয়ে৷ 

জামুগুৰিহাটৰ চকীঘাট দলঙৰ পৰা আৰম্ভ কৰি চাৰিশৰনীয়া ৰাষ্ট্ৰীয় ঘাইপথ চোৱাৰ নাগশংকৰৰ দিকৰাই দলঙলৈকে আৰু জীয়াভৰলী দলঙৰ পৰা জামুগুৰিহাটৰ মাধৰ  বাইপাচলৈকে ৰাষ্ট্ৰীয় ঘাইপথ চোৱাৰ উপৰিও ইটাখোলাৰ পৰা চৈবাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ পৰ্যন্ত চলিছে জামুগুৰি আৰক্ষীৰ নিচিদ্ৰ তালাচী অভিযান৷ 

শনিবাৰৰ পৰা আৰক্ষীৰ দলটোৱে আৰম্ভ কৰা এই তালাচী অভিযানৰ কালচোৱাত অৱশ্যে এই পৰ্যন্ত কোনো ধৰণৰ আপত্তিজনক নথিপত্ৰ ও সা-সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিবলৈ দি আৰক্ষী বিষয়া গৰাকীয়ে অহা ২৬ জানুৱাৰীলৈকে অভিযান অব্যাহত থাকিব বুলি জনায় ।

গণৰাজ্য দিৱস আৰক্ষীৰ তালাচী