ডিজিটেল সংবাদ, মানকাচাৰঃ সোমবাৰে নিশা প্ৰায় ৯.৪৫ বজাত মানকাচৰৰ মাজমজিয়াত অসম টু ডেৰ স্থানীয় সাংবাদিক মিজানুৰ ইছলাম আৰু সমাজ সেৱক সাহিন আমিনক তিনিজনীয়া গুণ্ডাৰ দলে আক্ৰমণ কৰে।
মানকাচৰ জে এম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গেটৰ সম্মুখত নিশা সাংবাদিক মিজানুৰ ইছলাম আৰু সাহিন আমিন বন্ধুৰ সৈতে কথা পাতি থকা অৱস্থাত হঠাৎ AS01EK 6126 নম্বৰ বলেৰ' বাহন এখনেৰে তথাকথিত সাংবাদিক তুষাৰ আলম আৰু ৰাশেল আহমেদ সহ মানকাচৰৰ আপৰ নেতা মোস্তাক মহাম্মদ মোকছেদুৰ ৰহমান আহি গাড়ীৰ পৰা ৰড উলিয়াই আক্ৰমণ কৰে ৷
স্থানীয় ৰাইজৰ তৎপৰতাত কোনো মতে অসম টু ডেৰ সাংবাদিক মিজাুনৰ ইছলাম আৰু সমাজ সেৱক সাহিন আমিনৰ প্ৰাণ ৰক্ষা পৰে৷ পৰিৱেশ উত্তেজিত হোৱা লগে লগে প্ৰায় ১০০ মিটাৰ কাষতে থকা মানকাচৰ থানাৰ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়।
ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে বলেৰ' বাহন খন জব্দ কৰাৰ লগতে আক্ৰমণ কৰিবলৈ ব্যৱহাৰ কৰা লোৰ ৰড জব্দ কৰিছে।ঘটনাক লৈ সাংবাদিক মিজানুৰ ইছলামে ইতিমধ্যে মানকাচৰ থানাত এজাহাৰ দাখিল কৰিছে৷ এই ঘটনাৰ পাছতেই তথাকথিত গুণ্ডাৰূপী দুই সাংবাদিক সহ আপৰ নেতা পলায়ন কৰিছে।
লক্ষণীয় যে কিছু দিন পূৰ্বে মানকাচৰ অগপৰ বিধান পৰিষদৰ পৰা আপৰ নেতা আৰু তথাকথিত সাংবাদিকৰ কৰ্ম কাণ্ডক লৈ এক সংবাদমেল অনুষ্ঠিত কৰিছিল। এনেকি আপৰ নেতা গৰাকীয়ে দুই কোটি টকীয়া এটা পথ নিৰ্মাণৰ কামত চৰম দুৰ্নীতি কৰা বুলি আমছুৱে অভিযোগ আনিছিল।
দুয়োটা বিষয়ৰ ওপৰত সাংবাদিক মিজাণুৰ ইছলাম বাতৰি সম্প্ৰচাৰ কৰাৰ বাবে তেওঁৰ ওপৰত আপৰ নেতা আৰু দুই গুণ্ডাৰূপী তথাকথিত সাংবাদিক সাংবাদিকক এইদৰে আক্ৰমণ কৰে।
ইয়াৰ পূৰ্বেও তথাকথিত দুই সাংবাদিক কেবাটাও গুণ্ডাগিৰীৰ ঘটনাত জড়িত হৈ আছিল। গুণ্ডাগিৰী কৰি নিৰীহ লোক এজনক আক্ৰমণ কৰাৰ বাবে তথাকথিত সাংবাদিক তুষাৰ আলম জে'লৰ ভাত খাবলগীয়াও হৈছিল।। বাতৰি কৰাৰ ভয় দেখুৱাই এই দুই তথাকথিত সাংবাদিক ধন দাবী কৰাৰো ভিডিঅ পোহৰলৈ আহিছে।