অৰুণাচলত অসহায় মহিলাক ধৰ্ষণ,আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ধৰ্ষণকাৰীক...

কলিয়াবৰ পৰা অৰুনাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ধৰ্ষণকাৰী গাড়ীচালক সুৰজিত দাসক

author-image
Asomiya Pratidin
New Update
অৰুণাচলত অসহায় মহিলাক ধৰ্ষণ,আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ধৰ্ষণকাৰীক...

arunachal incident

ডিজিটেল সংবাদ,কলিয়াবৰঃ সূৰ্য উঠা দেশ অৰুণাচলত ধৰ্ষণৰ দৰে জঘন্য কাৰ্যত জড়িত হৈ কালিমাসানি ৰাজ্যবাসীক লজ্জানত কৰিলে কলিয়াবৰৰ এজন যুৱকে । শনিবাৰে অৰুণাচল আৰক্ষীয়ে আটক কৰে কলিয়াবৰৰ চুলুং হাতীবন্ধাৰ সুৰজিত দাস নামৰ ২৯ বছৰীয়া গাড়ীচালক জনক। ইতিমধ্যে ঘটনাটো সমগ্ৰ কলিয়াবৰ অঞ্চলতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Advertisment

জানিব পৰা মতে ৬ অক্টোবৰৰ নিশা ৮ বজাৰ পৰা নিশা ২ বজালৈ এ এছ ০২ ডি চি ০২০৬ সামগ্ৰী কঢ়িওৱা চলন্ত বাহন খনতে সংঘটিত হৈছিল জঘন্য ধৰ্ষণ কাৰ্য। অৰুণাচলৰ পশ্চিম কামেং জিলাৰ বেলিমু অঞ্চলত চাকৰি সূত্ৰে বাস কৰা এগৰাকী ৩৯ বছৰীয়া বিবাহিত মহিলাক ধৰ্ষণ কৰিছিল বাহনখনৰ চালকজনে। এই কাৰ্যত সহায় কৰিছিল বাহনখনৰ হেণ্ডিমেনে।

ভুক্তভোগী মহিলা গৰাকীয়ে আৰক্ষী থানাত দাখিল কৰা এজাহাৰত উল্লেখ কৰে যে, অৰুণাচলৰ ৬৪ মাইল নামৰ ঠাই খনৰ পৰা ভালুকপুঙলৈ আহিবৰ বাবে নিশা ৮ বজাৰ আগতে পথত গাড়ীৰ বাবে অপেক্ষা কৰি আছিল। তেওঁ প্ৰায়ে এনেদৰে নিশা অহা যোৱা কৰে বাবে গাড়ীলৈ অপেক্ষা কৰি আছিল। পাছত এ এছ ০২ ডি চি ০২০৬ নম্বৰৰ গাড়ীখনক সংকেত দিয়াত চালকে ৰখাই মহিলাগৰাকীক লৈ আহিছিল ।

এই খিনিলৈকে সকলো ঠিকেই আছিল। কিন্তু বাহনখনৰ চালকজনৰ মতি গতি বেয়া আছিল। পাছত চালকজনে ভালুকপুঙৰ পথ বন্ধ থকা বুলিকৈ মহিলাগৰাকীক বেলেগ পথেৰে আনি নিজৰ চৰিত্ৰাৰ্থ পূৰণৰ বাবে মিচন চাৰিআলিলৈ অহা পথেৰে আহি থকাৰ মাজতে অসহায় মহিলাগৰাকীক ধৰ্ষণ কৰে সূৰজিত দাস, (২৯) নামৰ চালকজনে।

অতি সাহসী মহিলাগৰাকীয়ে ধৰ্ষণ কাৰ্যৰ সময়ত সুৰজিত দাসৰ জিভাত অতি জোৰকৈ কামুৰি আঘাত কৰাৰ লগতে ডিঙিত নখেৰে আচুৰি আঘাত কৰিও ৰক্ষা নাপালে। পাছত অসহায় মহিলাগৰাকীৰ মোবাইল ফোনটো কাঢ়ি নিয়ে লম্পট চালকজনে । পুৱতি নিশা কলিয়াবৰৰ চুলুঙত গাড়ীৰ পৰা মহিলাগৰাকীক নমাই দিয়ে লম্পত জনে ।

মহিলাগৰাকীয়ে হাতত থকা আনটো মবাইলেৰে গাড়ীৰ নম্বৰ ফটো লৈ অৰুণাচললৈ উভতি যায় আৰু অৰুণাচলৰ থানাত ঘটনাৰ সবিশেষ জনাই এটি গোচৰ ৰুজু কৰে । মহিলাগৰাকীয়ে এজাহাৰত উল্লেখ কৰে যে, ধৰ্ষণকাৰীৰ জিভা আৰু ডিঙিত আঘাত কৰা বুলি।

তাৰ পাছত অৰুণাচলৰ পশ্চিম কামেং জিলাৰ আৰক্ষীয়ে চুলুং আৰক্ষী চকীৰ মৃদুল নাথৰ সহযোগত ঘটনাৰ মূল অভিযুক্ত সুৰজিত দাসক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। জিভা আৰু ডিঙিত আঘাতৰ চিন স্পষ্ট হৈ থকা অভিযুক্ত সুৰজিতক বিচাৰি উলিয়াবলৈ আৰক্ষীৰ বৰ বেছি সময় নালাগিল। পাছত ধৰ্ষণকাৰী সুৰজিতক আটক কৰি শনিবাৰে আৰক্ষীয়ে অৰুণাচললৈ লৈ যায় ।

assam police Rapist arunachal