/asomiyapratidin/media/media_files/2025/01/11/xxWICSY3ZO1l1WKVHmaO.jpg)
ডিজিটেল সংবাদ,কামপুৰঃ কচুৱাৰ লুটুমাৰী মেনগাঁৱত আৰক্ষীৰ সফল অভিযান । আৰক্ষীয়ে অভিযান চলায় এটা পিষ্টল আৰু তিনিজাই সজীৱ গুলীসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় এজন লোকক ।
অভিযানত আৰক্ষীয়ে মাইনুল হক নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে । উল্লেখযোগ্য যে আটকাধীন লোকজনে ডকাইতি কাণ্ডৰ যো যা চলাইছিল বুলি সদৰী কৰিছে আৰক্ষীৰ সূত্ৰই ।
বৰ্তমানে অধিক তথ্য উদঘাটনৰ বাবে কচুৱা আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে মাইনুল হকক ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us