চতিয়া আৰু ধুবুৰীত আৰক্ষীৰ ড্ৰাগচ বিৰোধী অভিযান, আটক সৰবৰাহকাৰী

ধুবুৰী জিলাৰ গৌৰীপুৰৰ বালাজান অঞ্চলত সোমবাৰে জব্দ হয় বৃহৎ পৰিমাণৰ নিষিদ্ধ ব্ৰাউন ছুগাৰ। সচেতন নাগৰিক মঞ্চ নামৰ এটি সামাজিক সংগঠনে নিষিদ্ধ ব্ৰাউন ছুগাৰ জব্দ কৰাৰ লগতে এজন ড্ৰাগছ মাফিয়াক আটক কৰে।  ইফালে চতিয়া আৰক্ষীয়েও ড্ৰাগছসহ আটক কৰে এজন সৰবৰাহকাৰীক।

author-image
Asomiya Pratidin
New Update
 আটক ড্ৰাগছ মাফিয়া

আটক ড্ৰাগছ মাফিয়া

ডিজিটেল ডেস্ক: ধুবুৰী জিলাৰ গৌৰীপুৰৰ বালাজান অঞ্চলত সোমবাৰে জব্দ হয় বৃহৎ পৰিমাণৰ নিষিদ্ধ ব্ৰাউন ছুগাৰ। সচেতন নাগৰিক মঞ্চ নামৰ এটি সামাজিক সংগঠনে নিষিদ্ধ ব্ৰাউন ছুগাৰ জব্দ কৰাৰ লগতে এজন ড্ৰাগছ মাফিয়াক আটক কৰে। প্ৰাপ্ত খবৰ অনুসৰি, সোমবাৰে পুৱা প্ৰায় ১১ বজাত গোলকগঞ্জৰ বানিয়ামাৰী অঞ্চলৰ আৰ্মানুজ জামান ওৰফে মুকুল নামৰ ড্ৰাগছ মাফিয়াজনে বালাজানত ড্ৰাগছ সৰবৰাহ কৰি থকা অৱস্থাত সচেতন নাগৰিক মঞ্চৰ সদস্যৰ দৃষ্টিগোচৰ হয়। পৰৱৰ্তী সময়ত সচেতন নাগৰিক মঞ্চৰ সদস্যৰ এটি দলে ড্ৰাগছ মাফিয়াজনক আটক কৰি বালাজান আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ দল এটি উপস্থিত হয়। আৰক্ষীয়ে ধৃত  ড্ৰাগছ সৰবৰাহকাৰী জনৰ পৰা ১৫ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ উদ্ধাৰ কৰাৰ লগতে ড্ৰাগছ মাফিয়াজনে ব্যৱহাৰ কৰা এ এছ ১৭কে/৮১২৭  নম্বৰৰ পালছাৰ বাইক এখনো জব্দ কৰে। 

Advertisment

উল্লেখ্য যে, আৰ্মানুজ জামান ওৰফে মুকুলে দীৰ্ঘদিনৰ পৰাই বালাজান অঞ্চলত নিষিদ্ধ ড্ৰাগছৰ বেহা চলোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে। ইয়াৰ পূৰ্বে আৰক্ষীয়ে উমান পাই তেওঁক খেদি গৈছিল যদিও তেওঁ পলাই হাত সাৰিবলৈ সক্ষম হয়। বালাজানৰ সচেতন নাগৰিক মঞ্চই ড্ৰাগছৰ বিৰুদ্ধে লোৱা এনে পদক্ষেপক স্থানীয় ৰাইজে  ভূয়সী প্ৰসংশা কৰিছে।

ইফালে চতিয়া আৰক্ষীৰো বৃহৎ সাফল্য৷ চতিয়া আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰে এজন সৰবৰাহকাৰীক। আটক কৰা ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম মনিষ ছেত্ৰী। চতিয়া আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি চতিয়াৰ গেৰেকীৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত দুটা ড্ৰাগছভৰ্তি কন্টেনাৰ সহ আটক কৰে ড্ৰাগছসহ  সৰবৰাহকাৰীটোক। জব্দ কৰা ড্ৰাগছখিনি সন্দেহজনক হে'ৰইন বুলি জানিব পৰা গৈছে৷

চতিয়া ধুবুৰী