/asomiyapratidin/media/media_files/2025/06/26/whatsapp-image-2025-06-26-17-32-14.jpeg)
ডিজিটেল সংবাদ, বোকাখাতঃ বোকাখাতৰ পানবাৰীৰ চিআৰপিএফ কেম্পত গ্ৰেনেড বিস্ফোৰণত জড়িত থকা দুই অভিযুক্তৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে বোকাখাত আৰক্ষীয়ে। বোকাখাত আৰক্ষীয়ে জানিবলৈ দিয়া মতে অভিযুক্ত দুজন বোকাখাতৰ পানবাৰী অঞ্চলৰ অংকুৰ দাস আৰু ৰূপজ্যোতি দাস।
ইয়াৰে অংকুৰ দাসে কিছুদিন পূৰ্বে সাংবাদিক বুলিও পৰিচয় দিছিল আৰু গৰু চুৰি কাৰ্যৰ লগত জড়িত আছিল বুলি স্থানীয় সুত্ৰই প্ৰকাশ কৰিছে। অৱশ্যে আৰক্ষীয়ে পূৰ্বতে প্ৰকাশ কৰাৰ দৰে হতাশাগ্ৰস্ত অপৰাধী বা গঁড়ৰ চোৰাংচিকাৰীৰ লগত ৱাণ্টেড ঘোষণা কৰা অভিযুক্ত অংকুৰ আৰু ৰূপজ্যোতিৰ কি সম্পৰ্ক আছে এয়া পৰবৰ্তী অনুসন্ধানতহে পোহৰলৈ আহিব।