ডিজিটেল সংবাদ, মানকাচৰঃ ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰতো শনিবাৰে নিশা চলিল বাল্য বিবাহ বিৰোধী অভিযান । জিলাখনত বাল্য বিবাহত জড়িত অভিভাৱক, স্বামীসহ মুঠ ৪১ জনক আটক কৰিছে আৰক্ষীয়ে ।
জিলাখনৰ মানকাচৰ থানাত ১১ জন, কালাপানী আৰক্ষী চকী, দক্ষিণ শালমাৰা থানা আৰু সুখচৰ থানা ৬ জনকৈ মুঠ ১৮ জন, বন্দিহানা আৰক্ষী চকীত ২ জন, ফকিৰগঞ্জ থানাত ৩ জন আৰু খাৰুৱাবান্ধা আৰক্ষী চকীত ৭ জনক আটক কৰা হৈছে ।
নিশা জিলাখনৰ প্ৰতিটো থানা এলেকাত আৰক্ষীয়ে চলাইছিল বাল্যবিবাহ বিৰোধী অভিযান । মানকাচৰ থানাত এজন কাজীক আটক কৰা হৈছে ।বৰ্তমানে আৰক্ষীয়ে আটকাধীন আটাই কেইজনক জেৰা অব্যাহত ৰাখিছে ।