/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/liquor.jpg)
ডিজিটেল ডেস্ক: হোলীৰ আনন্দৰ মাজতেই এক কৰুণ ঘটনা। বিষাক্ত সুৰাপান কৰি মৃত্যু কেইবাগৰাকী লোকৰ। এই ঘটনা সংঘটিত হৈছে বিহাৰত। ৰাজ্যখনৰ ৩ খন জিলাত হোলীৰ আনন্দৰ মাজতে সুৰাপান কৰি মৃত্য়ু হয় ২৫ গৰাকীকৈ লোকৰ।
এই ২৫ গৰাকীৰ ১০ গৰাকী লোক বাংকা জিলাৰ বুলি জানিব পৰা গৈছে। ইয়াৰোপৰি কেইবাগৰাকী লোক এতিয়াও হস্পাতালত সংকটজনক অৱস্থাত ভৰ্তি হৈ আছে।
আৰক্ষীয়ে জনাই যে মৃত কেইজনৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
উল্লেখ্য যে, হোলীৰ দিনা পুৱাৰ ভাগত কেইবাজনে মিলি একেলগে সুৰাপান কৰিছিল। কিন্তু তাৰ কিছু সময় পাছতেই আটাইকেইজন অসুস্থ হৈ পৰে। তদুপৰি অন্য ঠাইটো একেধৰণৰ ঘটনাই সংঘটিত হয়। বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।