গুৱাহাটীত "বহুবাক"ৰ বহুভাষিক কবি সন্মিলন

ৰাজ্যখনৰ পথিকৃৎ সাহিত্য অনুষ্ঠান "বহুবাক" ( বহুভাষিক সাহিত্য মঞ্চ, অসম) ৰ উদ্যোগত মংগলবাৰে দিনৰ ৩-০০ বজাত গুৱাহাটী প্ৰেছ ক্লাবত এখনি বহুভাষিক কবি সন্মিলনৰ আয়োজন কৰা হৈছে

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
পাঠশালাৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান সৃষ্টিৰ উদ্যোগত আয়োজন কৰা চতুৰ্থ বাৰ্ষিক গ্ৰন্থমেলাৰ সফল সামৰণি...

ডিজিটেল সংবাদ, গুৱাহাটী : ৰাজ্যখনৰ পথিকৃৎ সাহিত্য অনুষ্ঠান "বহুবাক" ( বহুভাষিক সাহিত্য মঞ্চ, অসম) ৰ উদ্যোগত মংগলবাৰে দিনৰ ৩-০০ বজাত গুৱাহাটী প্ৰেছ ক্লাবত এখনি বহুভাষিক কবি সন্মিলনৰ আয়োজন কৰা হৈছে। এই‌ কবি‌ সন্মিলনখনি বিষ্ণুপ্ৰিয়া মণিপুৰী নৱজাগৰণৰ অন্যতম সাহিত্যিক, জাতীয় কবি গোকুলানন্দ গীতিস্বামীৰ‌ ১২৮ সংখ্যক জন্ম বাৰ্ষিকী উপলক্ষে আয়োজন কৰা হৈছে।

বহুবাকৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ আৰু প্ৰধান সম্পাদক দীপক শৰ্মাই জানিবলৈ দিয়া মতে ভিন ভিন ভাষা-ভাষিৰ কবিসকলে তেওঁলোকে পাঠ কৰিব লগা কবিতাটো হাতে লিখা বা ডি টি পি কৰি সঞ্চালকৰ হাতত জমা দিব পৰাকৈ আনিব লাগিব। ম'বাইল চাই কবিতা পাঠ কৰিব নোৱাৰিব।

সদৌ অসম কবি সন্মিলন assamese poet