লাংহিনত 'গেৰেমছা লিটাৰেৰী গীল্ড'ৰ প্ৰতিষ্ঠা দিৱসত কবিতা পাঠৰ অনুষ্ঠান

বড়ো ভাষাৰ উন্নয়নৰ স্বাৰ্থত আৰু এখন সৰু ঠাইৰ পৰা কেনেকৈ বড়ো ভাষাক বিশ্বদৰবাৰলৈ আগুৱাই নিব পাৰি তাৰ মহৎ উদ্দেশ্য আগত ৰাখি ১৯৯৮ চনৰ ২৬ এপ্ৰিলত গঠন কৰা হৈছিল 'গেৰেমছা লিটাৰেৰী গীল্ড'।

author-image
Asomiya Pratidin
New Update
লাংহিনত 'গেৰেমছা লিটাৰেৰী গীল্ড'ৰ প্ৰতিষ্ঠা দিৱসত কবিতা পাঠৰ অনুষ্ঠান

লাংহিনত 'গেৰেমছা লিটাৰেৰী গীল্ড'ৰ প্ৰতিষ্ঠা দিৱসত কবিতা পাঠৰ অনুষ্ঠান

ডিজিটেল সংবাদ, হাওৰাঘাট : বড়ো ভাষাৰ উন্নয়নৰ স্বাৰ্থত আৰু এখন সৰু ঠাইৰ পৰা কেনেকৈ বড়ো ভাষাক বিশ্বদৰবাৰলৈ আগুৱাই নিব পাৰি তাৰ মহৎ উদ্দেশ্য আগত ৰাখি ১৯৯৮ চনৰ ২৬ এপ্ৰিলত গঠন কৰা হৈছিল 'গেৰেমছা লিটাৰেৰী গীল্ড'। এই সংস্থাটোৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱসটি শনিবাৰে লাংহিনৰ আনন্দৰাম মোছাহাৰী ভৱনত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় । 

Advertisment

অনুষ্ঠানৰ লগত সংগতি ৰাখি কাৰ্বি আংলং জিলাৰ ন পুৰণি কবিসকলৰ মাজত বড়ো ভাষাত কবিতা পাঠৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয় ।  এই অনুষ্ঠানতে দুখন গ্ৰন্থ উন্মোচন কৰা হয় । 

কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত পতাকা উত্তোলন কৰে 'গেৰেমছা লিটাৰেৰী গীল্ড'ৰ সভাপতি ঋতুৰাজ বসুমতাৰীয়ে । ইয়াৰ পিছতে ঋতুৰাজ বসুমতাৰীৰ সভাপতিত্বত পুথি উন্মোচনী সভা অনুষ্ঠিত কৰা হয় । 

ইয়াত ‘আৰু' উন্মোচন কৰে কাৰ্যবাহী সদস্য বিলিমোহন খাখলাৰীয়ে ।  বিশিষ্ট কবিসকলৰ মাজত অনুষ্ঠিত কৰা কবিতা পাঠৰ অনুষ্ঠানত সভাপতিত্ব কৰে সাহিত্য অকাডেমি বঁটাপ্ৰাপক অৰবিন্দ উজীৰে । 

আঁত ধৰে সংস্থাটোৰ সম্পাদক লংকেশ্বৰ হাইনাৰীয়ে । ইয়াত সংস্থাটোৰ সদস্যৰ লগতে বহুকেইজন বিশিষ্ট কবি ক্ৰমে  থানেশ্বৰ গয়াৰী, দালছিং বসুমতাৰী, ড° প্ৰেমানন্দ মোছাহাৰী, মগেশ নাৰ্জা বড়ো, নিৰ্মল বসুমতাৰী, কৃষ্ণ মোহন বসুমতাৰী, দদেৰে মাইনাও বড়ো, ৰূপালী বসুমতাৰী, চনিয়া বাগলাৰী, কবিতা বসুমতাৰী, ধৰ্মেন্দ্ৰ খাখলাৰী, গায়ত্ৰী নাৰ্জাৰী, ৰানিখা বসুমতাৰী, সময়না দৈমাৰী আদি বড়ো ভাষাত স্বৰচিত কবিতা পাঠ কৰে । 

উক্ত অনুষ্ঠানতে সংস্থাটোৰ প্ৰতিষ্ঠাপক সভাপতি তথা বড়ো সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি বিশ্বেশ্বৰ বসুমতাৰীয়ে স্বৰচিত অনুগল্প আৰু কবিতা পাঠ কৰে।

কবিতা