/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-19/pd3zylwn/7.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী: সোমবাৰে গুৱাহাটী মহানগৰীৰ স্বৰ্ণ জয়ন্তী গৰকা কাহিলীপাৰাৰ জটীয়া ৰাভা জনজাতি সংঘৰ তৰফৰ পৰা প্ৰতিশ্ৰুতিবান কবি, সচেতন লেখক, সাংবাদিক দীপক শৰ্মাক উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰে। ৰাভা "পাজাৰ" (গামোচা), মানপত্ৰ আদিৰে সন্মানিত কৰা লেখক শৰ্মাই ভিন ভিন জনজাতিৰ ভাষা-সাহিত্যৰ উন্নতিৰ হকে নিৰলস ভাৱে কাম কৰি আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-19/tokc4i63/46d49c84-77ab-4355-84b8-2a5c7daf844f.jpg)
জটীয়া ৰাভা জনজাতি সংঘৰ সভাপতি গৌতম দাস আৰু সাধাৰণ সম্পাদক নয়ন ৰাভা স্বাক্ষৰিত প্ৰশস্তি পত্ৰত কয় - "সকলো ধৰণৰ ঘাত-প্ৰতিঘাত আতৰাই আগুৱাই যাব পাৰিব লাগিব"। সংঘই আশা কৰে- কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ আদৰ্শৰে আগবাঢ়ি যাবলৈ যুৱ সাংবাদিক গৰাকীক আহ্বান জনায় । সংঘৰ কাৰ্যকৰী সভাপতি তথা বিশিষ্ট সংগীত শিল্পী ডিজেন কাকতিয়ে দীপক শৰ্মাৰ প্ৰতিভাৰ ওপৰত আলোকপাত কৰে।
Also Read: প্রাগজ্যোতিষ কলেজত শিক্ষাৰ্থীৰে মত বিনিময় ফটো সাংবাদিক বিজু বড়োৰ