অনুভৱৰ পৃথিৱী এৰি গুচি গ'ল কবি অনুভৱ তুলসী...

নাহিল ভাল খবৰ। আহিল বেয়া খবৰ। অনুভৱৰ পৃথিৱী এৰি গুছি গ'ল অনুভৱ তুলসী। উকা হৈ ৰ'ল আজি কবিৰ সেই শব্দৰ সভা। চৌদিশে কেৱল উদাসীনতা। অনুভৱ তুলসী নামৰ সেই কবিজনৰ সৈতে আৰু কেতিয়াও নহ'ব দেখা।

author-image
ৰিম্পী গগৈ
আপডেট কৰা হৈছে
New Update
web ap tulsi

ডিজিটেল ডেস্কঃ নাহিল ভাল খবৰ। আহিল বেয়া খবৰ। অনুভৱৰ পৃথিৱী এৰি গুছি গ'ল অনুভৱ তুলসী। উকা হৈ ৰ'ল আজি কবিৰ সেই শব্দৰ সভা। চৌদিশে কেৱল উদাসীনতা। অনুভৱ তুলসী নামৰ সেই কবিজনৰ সৈতে আৰু কেতিয়াও নহ'ব দেখা। কোনে বিচাৰিব শব্দত 'দোৰোণৰ ফুল'! কোনে বিচাৰিব 'জীৱনানন্দক' শব্দৰ মাজত। 'চৰাই চকুত ফুলৰ বিচনা পাৰিব'লৈ এতিয়াতো মৰতত নাই এই কবিৰ ঠিকনা...

Advertisment

মঙলবাৰে পুৱাই আহিল সেই বেয়া খবৰটো। দিশপুৰস্থিত জিএনআৰচি হাস্পতালত পুৱা ১০.০৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে ‘দোৰোণ ফুল’ৰ কবিগৰাকীয়ে। বিগত কেইবাটাও দিনে চিকিৎসাধীন কবিগৰাকী সোমবাৰে ষ্ট্ৰোকত আক্ৰান্ত হৈ সংকটজনক অৱস্থাত আইচিইউত ভৰ্তি হৈছিল। 

কিজানি মৃত্যুৰ উমান পাইছিল কবিয়ে। জীৱনৰ শেষৰটো কবিতা প্ৰতিফলিত হৈছিল মৃত্যুচেতনা। ২৮ জুনত ষ্ট্ৰোকত আক্ৰান্ত হোৱাৰ পূৰ্বে কবিতাটো পুৱা প্ৰেৰণ কৰিছিল দুলাল বৰুৱালৈ। কবিতাটোত লিখিছিল- 

সৌ সিদিনা গেৰুকামুখত কি দেখিছিলো
সোৱণশিৰি নামে এক নদীৰ মৃত্যু
নে নিজ চকুৰে দেখিছিলো নিজ মৃত্যুৰ প্ৰতিৰূপ
এটা মুহূৰ্ত্তত ঠন ধৰি উঠিছেনে এই মৃত্যু
নে তিলে তিলে লগ লাগি গোট মাৰিছে
আৰু এতিয়া হৈছে চুই চাব পৰা....

কবিতাটোৰ শেষৰফালে তেওঁ লিখিছিল- 
মৃত্যুয়ে পতা জালত পৰিছে
ইমানৰ পিছতো মই বুজা নাই
নিজ হাতেৰে মই মৃত্যুক ধৰিম
নে মৃত্যুৰ হাততহে মই ধৰা পৰিম
যি সময়ত মোক সকলোৱে এৰিছে
সেই সময়ত মৃত্যুয়ে মোক কিয় ধৰিছে...

একাধাৰে কবি, অনুবাদক, চিনেমা সমালোচক, গল্পকাৰ, সম্পাদক অনুভৱ তুলসীৰ আচল নাম আছিল ডিম্বেশ্বৰ শইকীয়া। বিংশ শতিকাৰ শেষৰপৰা সাম্প্ৰতিক সময়লৈকে অসমীয়া কবিতাৰ চৰ্চা চলাই থকা কবিগৰাকীৰ জন্ম হৈছিল  ১৯৫৮ চনৰ ৩ ডিচেম্বৰত। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৮৪ চনত ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছিল। ১৯৮৩ চনৰপৰা ২০১৮ চনলৈকে শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ত অধ্যাপক হিচাবে কৰ্মৰত আছিল। 

২০ খন কাব্যপুথিৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰা বৰেণ্য় কবিগৰাকীৰ প্ৰথমখন কাব্যগ্ৰন্থ আছিল ‘নাজমা’। তেওঁ আন কেইখনমান উল্লেখযোগ্য় কাব্যপুথি হৈছে- দোৰোণ ফুল (১৯৯৬), জলমগ্ন দৃশ্যাৱলী (১৯৯৬), কাব্যপীঠ (১৯৯৭), নিৰ্জ্ঞান নেপথ্য (২০০১), চৰাইৰ চকুত ফুলৰ বিছনা (২০০৩),পানীকাউৰী (২০০৫), জয় জয়তীৰ জয় (২০০৬), জুইচোৰ (২০০৭), জীৱনানন্দৰ দেহান্তৰৰ দৃশ্য (২০০৮), দেওচেলেং (২০১০), ঢেকীয়াপতীয়াৰ পিতৃ (২০১১), বৰষুণৰ খেতিয়ক (২০১৫), মাটিভাষা (২০১৭), অনুভৱ তুলসীৰ শ্ৰেষ্ঠ কবিতা (২০১৭), দিন ৰাতিৰ দুৱৰী (২০১৮), বানান কৰি পঢ়া লুইতৰ পানী (২০১৯), ডেমক্ৰেচি অব আমব্ৰেলাজ (২০১০), মাইহাং বাটিৰ চাদ (২০১২), ডিৱৰ্ড (২০১৮)।

কবিতাৰ সমান্তৰালভাৱে তেওঁ ৰচনা কৰিছিল কবিতা সমালোচনাৰ গ্ৰন্থ। একেদৰে কেইবাটাও উৎকৃষ্ট গল্প ৰচনা কৰিছে অনুভৱ তুলসীয়ে। অসমীয়া গল্প সাহিত্যলৈ অবদান আগবঢ়াই ৰচনা কৰিছিল গোলাপ গছত থৈ যাবি (২০১৭) শীৰ্ষক গল্পপুথি।

অসমীয়া কবিতালৈ অনবদ্য অৱদান আগবঢ়োৱা এইগৰাকী বৰেণ্য কবিৰ কবিতা অক্সফ'ৰ্ড বিশ্ববিদ্যালয়, পেংগুইন, নৰ্থ ইষ্টাৰ্ণ পাৰ্বত্য বিশ্ববিদ্যালয়, সাহিত্য অকাডেমি, নেশ্যনেল বুক ট্ৰাষ্ট আদিৰ পৰা প্ৰকাশিত সম্মানজনক গ্ৰন্থত অন্তৰ্ভুক্ত হৈছিল। তুৰস্কৰ ইস্তানবুল,, আমেৰিকাৰ অষ্টিন, গ্ৰীচৰ এথেন্স আৰু বাংলাদেশ ঢাকাত অনুষ্ঠিত বিশ্ব কবিতা আৰু সাহিত্য মহোৎসৱত কবিতা পাঠৰ বাবে তেওঁ আমন্ত্ৰিত হৈছিল। অসমীয়া কাব্যজগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেওঁ লাভ কৰিছিল কেইবাটাও বঁটা। 

এইগৰাকী কবিৰ মৃত্যুত শোকাকুল অসমীয়া কাব্যপ্ৰেমী। বিগত দুবছৰে সাহিত্য অকাডেমিৰ উপদেষ্টা পৰিষদৰ আহ্বায়ক হিচাপে আছিল অনুভৱ তুলসী। তেওঁৰ মৃত্যুত সাহিত্য অকাডেমিৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ আহ্বায়ক দিগন্ত বিশ্ব শৰ্মাই সদৰি কৰে, "আমি তেখেতক আমাৰ এজন নিকট পৰামৰ্শদাতাৰূপে পাইছিলোঁ। অকাডেমিৰ ভিন ভিন কামতো আমাক তেখেতে সহৃদয়তাৰে সহযোগ কৰিছিল। তেখেতৰ অকাল বিয়োগ নিঃসন্দেহে অসমীয়া কাব্য-সাহিত্যৰ এক অপূৰণীয় ক্ষতি।"

অনুভৱ তুলসী