কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী নিহত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ অন্তৰ্গত মাইতাটাপুত সংঘটিত হৈছে এই গুলীয়াগুলীৰ ঘটনা। লগে লগে ঘটনাস্থলীত কলিয়াবৰ আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হয়।

author-image
Asomiya Pratidin
New Update
dangor-khobr-19

ডিজিটেল সংবাদ, নগাঁও: বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বুধবাৰে পুৱতি নিশা চোৰাং চিকাৰী আৰু বন কৰ্মীৰ মাজত গুলীয়াগুলীৰ ঘটনা সংঘটিত হয়। উদ্যানখনৰ বনকৰ্মীৰ গুলীত নিহত হয় এজন চোৰাং চিকাৰী।

প্ৰাপ্ত তথ্য অনুসৰি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ অন্তৰ্গত মাইতাটাপুত সংঘটিত হৈছে এই গুলীয়াগুলীৰ ঘটনা। লগে লগে ঘটনাস্থলীত কলিয়াবৰ আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হয়। আৰক্ষী আৰু বন বিভাগে ঘটনা সন্দৰ্ভত অভিযান অব্যাহত ৰাখিছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান