/asomiyapratidin/media/media_files/2025/05/02/Meq1ttzHyeU0dCVH8DD6.jpg)
গুলিবিদ্ধ তিনিটাকৈ বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ
ডিজিটেল সংবাদ, চিৰাং : ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ চলি থকাৰ সময়তে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰচৰাত চোৰাং চিকাৰীয়ে হত্যা কৰিলে তিনিটাকৈ বনৰীয় হাতী। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পানবাৰী ৰেঞ্জৰ অধীনস্থ ঘন জংঘলৰ ভিতৰত এই হাতী তিনিটাক হত্যা কৰাৰ তথ্য পোহৰলৈ আহিছে ।
পানবাৰী ৰেঞ্জৰ ভাৰত ভুটান সীমান্তৰ পালেং চি বিটৰ পৰা কিছু নিলগত এই হাতী তিনিটাৰ গুলিবিদ্ধ মৃতদেহ উদ্ধাৰ কৰা হৈছে । গভীৰ জংঘলত হাতী তিনিটাক চোৰাং চিকাৰীয়ে হত্যা কৰিছে বুলি সন্দেহ কৰা হৈছে। উক্ত ঘটনা পোহৰলৈ অহাৰ পিছত বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈছে যদিও বিতং তথ্য এতিয়াও জানিব পৰা হোৱা নাই ।
আনপিনে পানবাৰী বন বিভাগৰ এটা সশস্ত্ৰ বৃহৎ দ'ল মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত প্ৰৱেশ কৰি চোৰাং চিকাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। এটা সময়ত চোৰাং চিকাৰীৰ ৰম্যভূমি হিচাপে পৰিচিত পানবাৰী ৰেঞ্জ এলেকাত পৰবৰ্তী সময়ত বিটিচি প্ৰশাসন, এবছু আৰু বিভিন্ন প্ৰকৃতিপ্ৰেমী দল সংগঠনৰ প্ৰচেষ্টাত চোৰাং চিকাৰী সকলক মূলসূঁতিলৈ উভতাই অনাৰ পিছত পানবাৰী ৰেঞ্জ এলেকাত বন্যজীৱ জন্তুৰ চোৰাং চিকাৰ একপ্ৰকাৰ বন্ধ হৈ পৰিছিল কিন্তু আজিৰ এই ঘটনাই বনবিভাগক চোৰাং চিকাৰীৰ বিৰুদ্ধে পুনৰ কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সময় আহি পৰিছে বুলি প্ৰকৃতিপ্ৰেমী সংগঠন ফালৰ পৰা দাবী উত্থাপিত হৈছে ।