/asomiyapratidin/media/media_files/2025/06/30/vdfdgdffg-2025-06-30-12-52-16.jpg)
ডিজিটেল সংবাদ, মৈৰাবাৰী: লাহৰীঘাট সমজিলাৰ আৰক্ষী অধীক্ষক ড° দিগন্ত বৰুৱাৰ নেতৃত্বত চোৰাং চিকাৰীৰ বিৰুদ্ধে অব্যাহত আছে তীব্ৰ অভিযান। মৈৰাবাৰীৰ কাষৰীয়া লাহৰীঘাট থানা এলেকাৰ গৰৈমাৰীত চোৰাং চিকাৰীৰ বিৰূদ্ধে চলা অভিযানত ছাইদুল ইছলাম নামৰ এটা চোৰাং চিকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে আৰক্ষী।
আৰক্ষীৰ দলটোৱে ধৃত ছাইদুল ইছলামৰ পৰা চৰাই চোৰাং ভাৱে চিকাৰ কৰা কাৰ্যত ব্যৱহাৰ কৰা বহু সজুলিও জব্দ কৰে। লগতে আৰক্ষীৰ দলটোৱে চিকাৰ কাৰ্যত ব্যৱহাৰ কৰা একাধিক চৰাইয়ো জব্দ কৰিছে।
ইফালে, ধৃত ছাইদুল ইছলামৰ সহযোগী এজনে নিশাৰ সুযোগত বিলত জাপ দি পলাই যাবলৈ সক্ষম হয়। আৰক্ষীয়ে ওৰে নিশা অভিযান চলায় যদিও ছাইদুলৰ সহযোগীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহল। ছাইদুল ইছলাম বৰ্তমান লাহৰীঘাট আৰক্ষীৰ জিম্মাত আছে।