/asomiyapratidin/media/media_files/2024/12/15/sBLVPZRuPpm4vUnevqiZ.jpg)
ডিজিটেল ডেস্কঃ শনিবাৰে বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনাই ২১ কোটিৰো অধিক হিতাধিকাৰীক ২ লাখ টকাৰ জীৱন বীমা কভাৰেজ প্ৰদান কৰি অনিশ্চয়তাৰ সময়ত পৰিয়ালৰ বাবে আৰ্থিক সুৰক্ষা নিশ্চিত কৰিছে।
বিত্ত মন্ত্ৰালয়ে ছ’চিয়েল মিডিয়া পোষ্টত লগতে উল্লেখ কৰে যে পিএমজেজেবিৱাইৰ অধীনত নামভৰ্তিৰ সংখ্যা ২১.৬৭ কোটি আৰু ইয়াৰ লগতে ইয়াৰ পৰা উপকৃত হোৱা লোকৰ সংখ্যা হল ৮,৬০,৫৭৫, যাৰ মূল্য চলিত বৰ্ষৰ ২০ অক্টোবৰলৈকে ১৭,২১১.৫০ টকা।
পিএমজেজেবিৱাই হৈছে বছৰৰ পিছত বছৰ ধৰি নবীকৰণযোগ্য এবছৰীয়া জীৱন বীমা আঁচনি, যিয়ে যিকোনো কাৰণত মৃত্যুৰ বাবে কভাৰেজ প্ৰদান কৰে। ব্যক্তিগত বেংক বা ডাকঘৰৰ একাউণ্ট থকা ১৮-৫০ বছৰ বয়সৰ ব্যক্তিসকলে আঁচনিৰ অধীনত লাভ কৰে জীৱন বীমাৰ সুবিধা ।
৫০ বছৰ বয়স সম্পূৰ্ণ কৰাৰ আগতে আঁচনিখনত যোগদান কৰা লোকসকলে নিয়মীয়া প্ৰিমিয়াম পৰিশোধ কৰাৰ পিছত ৫৫ বছৰ বয়সলৈকে লাভ কৰে এই বীমাৰ সুবিধা ।
শনিবাৰে লগতে বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ তথ্য। ইয়াত উল্লেখ কৰা হৈছে যে প্ৰায় ৪৮ কোটি ব্যক্তিয়ে পিএমএছবিৱাইৰ জৰিয়তে ২ লাখ টকাৰ দুৰ্ঘটনা বীমা কভাৰেজত নাম সন্নিৱিষ্ট কৰিছে ।
চৰকাৰী পৰিসংখ্যা অনুসৰি পিএমএছবিৱাইৰ অধীনত সঞ্চিত নামভৰ্তি ৪৭.৫৯ কোটি হৈছে আৰু সুবিধা লাভৰ বাবে আবেদন কৰিছে ১৯৩,৯৬৪ গৰাকীয়ে । আনহাতে ইতিমধ্যে সুবিধা লাভ কৰিছে ১৪৭,৬৪১ গৰাকীয়ে ।
২৪ আগষ্ট, ১৪ তাৰিখলৈকে মুঠ পিএমজেডিৱাই একাউণ্টৰ সংখ্যা ৫৩.১৩ কোটি। চৰকাৰী পৰিসংখ্যা অনুসৰি ৫৫.৬ শতাংশ (২৯.৫৬ কোটি) জন-ধন একাউণ্টধাৰী হল মহিলা। ৬৬.৬ শতাংশ (৩৫.৩৭ কোটি) জন ধন একাউণ্ট গ্ৰাম্য আৰু অৰ্ধনগৰীয়া অঞ্চলৰ লোকে লাভ কৰিছে ।