দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্রধানমন্ত্রীঃ কইনাধৰাত বৈঠক...

প্রধানমন্ত্রীৰ এই দুদিনীয়া অসম ভ্রমণকালত বৰঝাৰৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টার্মিনেল ভৱনটো আনুষ্ঠানিকভাবে উদ্বোধন কৰিব।

New Update
new ap web 2 (34)

ডিজিটেল ডেস্কঃ আগন্তুক ২০ আৰু ২১ ডিচেম্বৰত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব  প্রধানমন্ত্রী নৰেন্দ্র মোডী। এই সন্দৰ্ভত বুধবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত এখন গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়।

প্রধানমন্ত্রীৰ এই দুদিনীয়া অসম ভ্রমণকালত বৰঝাৰৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টার্মিনেল ভৱনটো আনুষ্ঠানিকভাবে উদ্বোধন কৰিব। একেদিনাই প্রধানমন্ত্রীগৰাকীয়ে লোকপ্রিয় গোপীনাথ বৰদলৈৰ এটা প্রতিমূর্তি উন্মোচন কৰাৰ লগতে গুৱাহাটীত এখন জনসভাত অংশগ্রহণ কৰিব।

প্রধানমন্ত্রী শ্রীমোডীয়ে ২১ ডিচেম্বৰত ডিব্ৰুগড় জিলাৰ নামৰূপত স্থাপন হ'বলগীয়া এম'নিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্রায় ১১ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হ'বলগীয়া এই প্রকল্পৰ বার্ষিক ১২ দশমিক ৭ মেট্রিক টন এম'নিয়া ইউৰিয়া উৎপাদনৰ ক্ষমতা থাকিব। 

প্রধানমন্ত্রীৰ এই দুদিনীয়া ভ্রমণসূচীৰ প্রস্তুতি সন্দৰ্ভত সকলো দিশ সামৰি কালি কইনাধৰাৰ অতিথিশালাত কেইবাগৰাকী ৰাজ্যিক মন্ত্রীৰ লগতে বিষয়াই অংশগ্রহণ কৰে। প্রধানমন্ত্রীৰ এই ভ্রমণসূচী সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সকলো বিভাগকে তৎপৰতাৰে দায়িত্ব পালন কৰিবলৈ নির্দেশ দিয়া হয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নৰেন্দ্ৰ মোডী