/asomiyapratidin/media/media_files/2025/08/06/new-ap-web-2-12-2025-08-06-18-03-33.jpg)
ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে ভাৰতৰ বাণিজ্য শুল্কক লৈ চলি থকা বিবাদৰ মাজতে আহিছে এক গুৰুত্বপূৰ্ণ খবৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভ্ৰমণ কৰিব চুবুৰীয়া ৰাষ্ট্ৰ চীন।
উল্লেখ্য যে, ২০২০ৰ গালোৱান ঘাটিৰ সংঘৰ্ষৰ পিছতে দুয়োখন দেশৰ দ্বিপাক্ষীক সম্পৰ্ক অৱনতি হৈছিল। অৱশ্যে যোৱ প্ৰায় এটা বছৰে ভাৰত আৰু চীনৰ সেই সম্পৰ্কক পুনৰ উন্নত কৰিবলৈ দুয়ো পক্ষৰ পৰা প্ৰচেষ্টা অব্যাহত আছে।
বিশেষকৈ ড'নাল্ড ট্ৰাম্পে ঘোষণা কৰা বাণিজ্যিক শুল্কৰ নতুন নিৰিখৰ পিছৰে পৰা ভাৰত-চীনৰ বাণিজ্যিক সম্পৰ্কক লৈ বিভিন্ন আলোচনা চলিছে। এনে এক সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চীন ভ্ৰমণৰ খবৰে এই অঞ্চলটোৰ ভূ-ৰাজনৈতিক আৰু আন্তঃৰাষ্ট্ৰীয় কূটনীতিক এক নতুন মাত্ৰা প্ৰদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।
স্মৰ্তব্য, প্ৰাৰম্ভিক খবৰ অনুসৰি প্ৰধানমন্ত্ৰী মোডীয়ে চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ চীন ভ্ৰমণ কৰিব। অহা ৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ চীনৰ টিয়ানজিনত অনুষ্ঠিত হ’ব চাংহাই সহযোগিতা সংস্থাৰ সন্মিলন।
এই সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহৰ সৈতে আঞ্চলিক নিৰাপত্তা, সন্ত্ৰাসবাদ আৰু বাণিজ্যৰ বিষয়ে আলোচনা কৰিব। তাৰোপৰি চীনৰ সৈতে দ্বিপাক্ষীক বৈঠকত অংশগ্ৰহণ কৰি ভাৰত-চীনৰ সম্পৰ্কলৈ সুস্থিৰতা ঘূৰাই আনিবলৈ চেষ্টা কৰিব।
তাৰোপৰি এই বৈঠকতে তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতেও আলোচনাত মিলিত হ’ব। ডনাল্ড ট্ৰাম্পে ভাৰতক ৰাছিয়াৰ সৈতে ৰখা ঘনিষ্ঠ আৰু বাণিজ্যিক সম্পৰ্কৰ বাবে দি অহা ভাবুকিৰ মাজতো এই বৈঠক অনুষ্ঠিত হ’লে সেয়া হৈ পৰিব ভাৰতৰ অন্যতম এক সাহসী পদক্ষেপ আৰু আন্তঃৰাষ্ট্ৰীয় কূটনীতিৰ এক চৰ্চিত বিষয়।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০২৪ চনৰ অক্টোবৰ মাহত কাজানত অনুষ্ঠিত ব্ৰিকছৰ সন্মিলনত মোডী-জিনপিঙৰ মাজত দ্বিপাক্ষীক বৈঠকস অনুষ্ঠিত হৈছিল। তাৰোপৰি মোডীয়ে ২০১৯ ত চীন ভ্ৰমণ কৰিছিল।