ভাৰতলৈ আহিব পাৰে ডাঙৰ খবৰ! আজি এলন মাস্কৰ সৈতে বৈঠকত বহিব মোডী...

আমেৰিকা ভ্ৰমণত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃৃহস্পতিবাৰে এলন মাস্কৰ সৈতে এখন বিশেষ বৈঠকত অংশ লোৱাৰ সম্ভাৱনা আছে। মোডী আৰু এলন মাস্কৰ ৱান টু ৱান এই বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা হব। 

author-image
Asomiya Pratidin
New Update
এলন মাস্ক

এলন মাস্ক

ডিজিটেল ডেস্কঃ আমেৰিকা ভ্ৰমণত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃৃহস্পতিবাৰে এলন মাস্কৰ সৈতে এখন বিশেষ বৈঠকত অংশ লোৱাৰ সম্ভাৱনা আছে। মোডী আৰু এলন মাস্কৰ ৱান টু ৱান এই বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা হব। 

Advertisment

ভাৰতৰ এ আইৰ উত্থান আৰু ষ্টাৰলিংক সেৱাৰ প্ৰৱৰ্তনৰ দৰে বিষয়ক লৈ নৰেন্দ্ৰ মোডীৰ সৈতে বাৰ্তালাপত মিলিত হব এলন মাস্ক। উল্লেখ কৰা প্ৰয়োজন যে, বুধবাৰে নিশা আমেৰিকাত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। 

উল্লেখ কৰা প্ৰয়োজন যে, ইয়াৰ পূৰ্বেও এলন মাস্কৰ সৈতে বৈঠকত বহিছিল নৰেন্দ্ৰ মোডী। ২০২৫চনত প্ৰধানমন্ত্ৰীয়ে টেচলাৰ এটা ফেক্টৰী পৰিদৰ্শন কৰিছিল এলন মাস্কৰ সৈতে। ২০১৫চনৰ পিছত এলন মাস্কৰ সৈতে এইটো হৈছে মোডীৰ হব পাৰে এইবাৰ দ্বিতীয় সাক্ষাতকাৰ।

এলন মাস্কৰ সৈতে মোডীৰ যদিহে বৈঠক অনুষ্ঠিত হয়, তেন্তে আগন্তুক দিনবোৰত ভাৰতত তথ্য প্ৰযুক্তিৰ দিশত যে আমূল পৰিৱৰ্তন হব, সেয়া নিশ্চিত।

আমেৰিকা