'ফটোজীৱি' প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ! কিয় এই সমালাচনা...

NARENDRA MODI
NARENDRA MODI

ডিজিটেল ডেস্কঃ ফটো উঠি সকলোৱে ভাল পায়। বিশেষকৈ সামাজিক মাধ্যমৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ লগতে এই সামাজিক মাধ্যমৰে অংশ ফেচবুক, ইনষ্টাগ্ৰাম আদিৰ প্ৰতি মানুহৰ আসক্তি বৃদ্ধি পোৱাত ফটো উঠাৰ চখ আৰু অধিক বৃদ্ধি পালে।

যেনেকৈয়ে নহওক এখন ধুনীয়া ফটো উঠি সামাজিক মাধ্যমৰ বিভিন্ন হেণ্ডলৰ জৰিয়তে আপলোড কৰিবলৈ সকলোৰে ইচ্ছা। শিশুৰ পৰা বৃদ্ধিলৈ সকলোৰে এখন ভাল, ধুনীয়া ফটো উঠাৰ হাবিয়াস কোনো নতুন কথা নহয়।

ব্লেক এণ্ড হোৱাইট ফটোৰ দিনৰ পৰা এতিয়াৰ অত্যাধুনিক প্ৰযুক্তিৰ কেমেৰাৰ দিনলৈ সকলো স্তৰতে মানুহৰ ফটো উঠাৰ চখ বৃদ্ধি পায়েই আছে। কেৱল সাধাৰণ মানুহৰে যে এনে চখ বৃদ্ধি পাইছে তেনে নহয়।

সকলোস্তৰৰ লোকৰ মাজতে আছে ফটো উঠাৰ চখ। বাদ পৰি ৰোৱা নাই দেশৰ প্ৰধানমন্ত্ৰীও। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফটো উঠাৰ চখ আনতকৈ অলপ বেছিয়েই !

যলৈকে যায় তালৈকে লগত লৈ যায় ফটোগ্ৰাফাৰ। এজন বা দুজন নহয়, ভালতকৈ ভাল আৰু চকুত লগাকৈ যাতে সঠিক এংগলত ফটো এখন তুলিব পাৰি, তাৰ বাবে আমাৰ প্ৰধানমন্ত্ৰীয়ে লগত লৈ যায় কেইবাজনো ফটোগ্ৰাফাৰ।

প্ৰধানমন্ত্ৰী মোডীৰ ফটো উঠাৰ চখ ইমানেই বেছি যে, নিজ মাতৃক সাক্ষাত কৰাৰ সময়তো তেওঁৰ চাৰিওকাষে থাকে ফটোগ্ৰাফাৰ। মাতৃৰ লগত একান্তই ব্যক্তিগত সময় পাৰ কৰাৰ ফটো তুলিবলৈও শুৱনি কোঠাত থাকে ৪/৫ জনকৈ ফটোগ্ৰাফাৰ।

ফটো উঠাৰ ক্ষেত্ৰত তেওঁ নকৰে কোনো কম্প্ৰমাইজ। তেওঁৰ সুৰক্ষাত থকা সুৰক্ষাকৰ্মীয়েও আঁতৰি দিব লাগে সন্মুখৰ পৰা।

ফটো উঠাৰ এনে চখৰ বাবেই বাৰে বাৰে সমালোচনা আৰু বিতৰ্কত সোমাই পৰে প্ৰধানমন্ত্ৰী মোডী। প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত বৰ্তমানলৈকে প্ৰধানমন্ত্ৰী মোডী মুঠ ৬ বাৰ কেদাৰনাথ ভ্ৰমণ কৰিছে।

২১ অক্টোবৰৰ পুৱাই মোডীয়ে দৰ্শন কৰিলে কেদাৰনাথ। পুৱাই আগবঢ়ালে পূজা। ইয়ালৈকে সকলো ঠিকেই আছিল। কিন্তু পূজা কৰিবলৈ মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰাৰ সময়ত লগত কেইবাজনো ফটোগ্ৰাফাৰ লৈ মন্দিৰত প্ৰৱেশ কৰাৰ দৃশ্য বিয়পি পৰাত এতিয়া পুনৰ সমালোচনাৰ সন্মুখীন হৈছে মোডী।

কিয়নো ইয়াৰ পূৰ্বে কেদাৰনাথ ভ্ৰমণ কৰাৰ সময়তো মোডীৰ দ্বাৰা সংঘটিত এনে কাৰ্যক মন্দিৰৰ পূৰোহিত বিৰোধিতা কৰিছিল। তেওঁলোকে মোডীয়ে লগত কেমেৰামেন লৈ মন্দিৰৰ গৰ্ভ গৃহত প্ৰৱেশ কৰা কাৰ্যত অসন্তুষ্টি প্ৰকাশ কৰিছিল। মন্দিৰৰ মূল পুৰোহিতগৰাকীয়েও প্ৰধানমন্ত্ৰীৰ এই কাৰ্যৰ বিৰোধিতা কৰিছিল।

সেয়া আছিল এটা বছৰৰ আগৰ কথা। এটা বছৰৰ পিছত পুনৰ মোডীয়ে কৰিলে একে কাৰ্যৰ পুনৰাবৃত্তি। আজি পুনৰ তেওঁ লগত কেইবাজনো ফটোগ্ৰাফাৰ লৈ প্ৰৱেশ কৰিলে মন্দিৰৰ গৰ্ভ গৃহত। মোডীৰ এনে কাৰ্যত এতিয়া তেওঁক সামাজিক মাধ্যমত একাংশই সমালোচনাৰ লক্ষ্য কৰি লোৱাৰ লগতে আখ্যা দিছে 'ফটোজীৱি' হিচাপে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in