বিৰোধীৰ হেঁচাত পৰি সংসদত অপাৰেচন সিন্দূৰ সন্দৰ্ভত ভাষণ ৰাখিবলৈ সাজু মোডী !

চলিত সংসদৰ বৰ্ষাকালীন অধিবেশনত বিৰোধীৰ হেঁচাত পৰি অৱশেষত অপাৰেচন সিন্দূৰক লৈ সংসদত আলোচনা তথা ভাষণ দিবলৈ সাজু হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

author-image
Tushar Pratim
New Update
বিৰোধীৰ হেঁচাত পৰি সংসদত অপাৰেচন সিন্দূৰ সন্দৰ্ভত ভাষণ ৰাখিবলৈ সাজু মোডী !

ডিজিটেল ডেস্কঃ চলিত সংসদৰ বৰ্ষাকালীন অধিবেশনত বিৰোধীৰ হেঁচাত পৰি অৱশেষত অপাৰেচন সিন্দূৰক লৈ সংসদত আলোচনা তথা ভাষণ দিবলৈ সাজু হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। জানিব পৰা মতে অপাৰেচন সিন্দূৰৰ বিষয়ত সংসদৰ দুয়োখন সদনতে ভাষণ ৰাখিব। 

Advertisment

মন কৰিবলগীয়া যে অহা সপ্তাহত অপাৰেচন সিন্দূৰৰ আলোচনাৰ বাবে লোকসভা আৰু ৰাজ্যসভাত ক্ৰমে ১৬ ঘণ্টা আৰু ৯ ঘণ্টা সময় নিৰ্ধাৰণ কৰা হৈছে। তাৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দুয়োখন সদনত ভাষণ দিয়াৰ সম্ভাৱনা আছে। 

উল্লেখ্য যে,  সংসদত অপাৰেচন সিন্দূৰ সন্দৰ্ভত আলোচনাৰ দাবী জনাই আহিছে বিৰোধী শিবিৰে। অহা সপ্তাহত দুয়োখন সদনত অপাৰেচন সিন্দূৰৰ বিষয়ে আলোচনাৰ বাবে মুঠ ২৫ ঘণ্টা সময় নিৰ্ধাৰণ কৰিছে। 

কিন্তু বিৰোধীয়ে দাবী জনাইছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সংসদত অপাৰেচন সিন্দূৰ আৰু ভাৰত-পাকিস্তানৰ মাজৰ যুদ্ধ বিৰতি সন্দৰ্ভত তেওঁৰ বক্তব্য ৰাখিব লাগে। তাৰোপৰি এই বিষয়টোৰ সন্দৰ্ভত আলোচনাৰ বাবে অহা সপ্তাহলৈ অপেক্ষা কৰাত আগ্ৰহী নহয় বিৰোধী। 

বিৰোধী দলপতি ৰাহুল গান্ধীয়ে বিষয়টোৰ সন্দৰ্ভত দাবী কৰি কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অপাৰেচন সিন্দূৰৰ আলোচনাৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰিছে। সংসদত বিবৃতি এৰাই চলিবলৈ চেষ্টা কৰিছে।

বুধবাৰে সংসদ চৌহদত থিয় হৈ বিৰোধী দলপতিগৰাকীয়ে কয়, "এফালে চৰকাৰে কৈছে যে অপাৰেচন সিন্দূৰ চলি আছে। আনফালে আমি জয়ী হোৱা বুলি কৈছে। তাৰোপৰি ড'নাল্ড ট্ৰাম্পে ২৫ বাৰ কৈছে যে তেওঁ অপাৰেচন সিন্দূৰ বন্ধ কৰিছে। ডাল মেইন কুছ না কুছ কালা হ্যেয়।" 

ৰাহুল গান্ধীয়ে আৰু কয়, "প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত কোনো বক্তব্য দিব পৰা নাই। তেওঁ কেনেকৈ বক্তব্য দিব? কি ক'ব? ট্ৰাম্পে যুদ্ধবিৰতি ঘোষণা কৰাটো তেওঁ মানি ল'বনে? তেওঁ তেনেকৈ ক'ব নোৱাৰে।" বিৰোধী দলপতিগৰাকীয়ে লগতে স্পষ্টকৈ কয় যে চৰকাৰে মানি নল’লেও ট্ৰাম্পে যুদ্ধবিৰতি ঘোষণা কৰাটো সত্য। গোটেই পৃথিৱীয়ে সেই কথা জানে। 

তেওঁ অভিযোগ কৰে যে অপাৰেচন সিন্দূৰৰ সময়ত চৰকাৰ কূটনৈতিকভাৱে ব্যৰ্থ হৈছিল। কোনো দেশকেই তেওঁৰ(নৰেন্দ্ৰ মোডী) পক্ষত থকা পোৱা নগ’ল। অৱশ্যে বিৰোধীৰ এনে সমালোচনাৰ প্রতিক্রিয়া প্রকাশ কৰিবলৈ ওলাইছে প্রধানমন্ত্রীয়ে৷ বৰ্তমান তেওঁ ব্ৰিটেইন আৰু মালদ্বীপ ভ্ৰমণত আছে। তেওঁ বিদেশ ভ্ৰমণৰ পৰা উভতি অহাৰ পিছতহে সংসদৰ দুয়োখন সদনকে সম্বোধন কৰিব।

নৰেন্দ্ৰ মোডী সংসদৰ অধিৱেশন অপাৰেচন সিন্দুৰ