ভাৰতৰে পুনৰ ঘনিষ্ঠ সম্পৰ্ক গঢ়াৰ লক্ষ্য কানাডাৰঃ জি-৭ সন্মিলনলৈ আমন্ত্ৰন নৰেন্দ্ৰ মোডীক

ভাৰত আৰু কানাডাৰ মাজৰ কূটনৈতিক সম্পৰ্ক পুনৰুদ্ধাৰৰ বাবে কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কানিয়ে শুকুৰবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক জি৭ সন্মিলনৰ বাবে আমন্ত্ৰণ জনাইছে।

author-image
Tushar Pratim
New Update
ভাৰতৰে পুনৰ ঘনিষ্ঠ সম্পৰ্ক গঢ়াৰ লক্ষ্য কানাডাৰঃ জি-৭ সন্মিলনলৈ আমন্ত্ৰন নৰেন্দ্ৰ মোডীক

ডিজিটেল ডেস্কঃ কানাডাৰ সৈতে ভাৰতৰ যোৱা সময়ছোৱাত সৃষ্টি হোৱা তিক্ততাপূৰ্ণ সম্পৰ্কই দুয়োখন ৰাষ্ট্ৰৰ মাজৰ কূটনৈতিক সম্পৰ্কক যথেষ্ট অৱনতি ঘটাইছিল। কিন্তু দেশখনৰ নেতৃত্ব সলনি হোৱাৰ লগে লগে পুনৰ ভাৰতৰ সৈতে সম্পৰ্ক সুস্থিৰ কৰিবলৈ আগভাগ লোৱা পৰিলক্ষিত হৈছে। 

Advertisment

ভাৰত আৰু কানাডাৰ মাজৰ কূটনৈতিক সম্পৰ্ক পুনৰুদ্ধাৰৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে দেশখনৰ প্ৰধানমন্ত্ৰী মাৰ্ক কানিয়ে শুকুৰবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক জি-৭ সন্মিলনৰ বাবে আমন্ত্ৰণ জনাইছে। উল্লেখ্য যেস অহা ১৫ ৰ পৰা ১৭ জুনলৈ কানাডাৰ কানানাস্কিছত অনুষ্ঠিত হ’ব এইবাৰৰ জি-৭ বৈঠক। 

কানাডাৰ প্ৰধানমন্ৰীপৰগৰাকীয়ে মোডীলৈ ফোন কৰি তেওঁক এই সন্মিলনলৈ বিশেষভাৱে আমন্ত্ৰণ জনায়। এই সম্পৰ্কে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক্সত এক পোষ্টৰ জৰিয়তে অৱগত কৰিছে। 

তেওঁ এক্সত লিখিছে, "কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক জে কাৰ্নিৰ পৰা ফোন পাই আনন্দিত। তেওঁৰ নিৰ্বাচনী বিজয়ৰ বাবে শুভেচ্ছা জনাইছো আৰু কানানাস্কিছত এই মাহৰ পিছৰ ভাগত হ'বলগীয়া জি-৭ সন্মিলনত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ জনালোঁ।"

তেওঁ আৰু কয়, ভাৰত আৰু কানাডাই পাৰস্পৰিক সন্মান আৰু যৌথ স্বাৰ্থৰ বাবে পুনৰ একেলগে কাম কৰিব। আনহাতে কানাডাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এটা পোষ্ট কৰি কয়, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে আজিৰ বাৰ্তালাপত কানাডা-ভাৰতৰ দীৰ্ঘসময়ৰ সম্পৰ্ক, জনসাধাৰণৰ সম্পৰ্ক আৰু ব্যৱসায়ীক সম্পৰ্কৰ বিষয়ে আলোচনা কৰো। 

তাৰোপৰি তেওঁ কয়,  দুয়োখন দেশেই আইন-প্ৰয়োগ সংস্থা সমূহৰ মাজত সংযোগ বজাই ৰখাৰ লগতে নিৰাপত্তাৰ বিষয়ে আলোচনা আগবঢ়াই নিবলৈ একমত হৈছে।

স্মৰ্তব্য, ২০২৩ চনত, কানাডাৰ তৎকালীন প্ৰধানমন্ত্ৰী জাষ্টিন ট্রুডোৱে খালিস্তানপন্থী কানাডা নিবাসী হৰদীপ সিং নিজ্জৰৰ হত্যাকাণ্ডত ভাৰত চৰকাৰৰ জড়িত বুলি অভিযোগ উত্থাপন কৰিছিল। তাৰ পিছতেই দুয়োদেশৰ মাজৰ কূটনৈতিক সম্পৰ্ক অৱনতি ঘটিছিল। 

মন কৰিবলগীয়া যে, ভাৰত ২০১৯ চনৰ পৰা জি-৭ সন্মিলনলৈ আমন্ত্ৰণ লাভ কৰি আহিছে। সেইবাৰ ফ্ৰান্সত অনুষ্ঠিত হৈছিল জি-৭ সন্মিলন। তেতিয়াৰে পৰা প্ৰায় প্ৰতিখন আয়োজনক দেশেই জি-৭ সন্মিলনলৈ একাংশ দেশক অতিথি বা অংশীদাৰ দেশ হিচাপে আমন্ত্ৰণ জনায়।

অৱশ্যে ড০ মনমোহন সিং প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়তো মুঠ পাঁচবাৰ জি-৮ সন্মিলনত অংশগ্ৰহণ কৰিছিল। ২০১৪ ত ৰাছিয়া এই গোটৰ পৰা বাহিৰ হোৱাত জি-৮ হৈ পৰে জি-৭। 

২০২০ চনত তৎকালীন আমেৰিকান ৰাষ্ট্ৰপতিগৰাকীয়ে জি৭ ক পুৰণি আখ্যা দি ইয়াৰ সৈতে ভাৰত, অষ্ট্ৰেলিয়া, দক্ষিণ কোৰিয়া আৰু ৰাছিয়াকো অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ দিছিল। তেওঁ জি-৭ক নতুনকৈ জি-১০ বা জি-১১ কৰাৰ প্ৰস্তাৱ দিছিল। কিন্তু কোভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত সেইবাৰলৈ সেই প্ৰস্তাৱ তেনেকৈয়ে থাকে। 

২০২১ৰ জ-৭ সন্মিলনত প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰ্চুৱেলী অংশগ্ৰহণ কৰিছিল। ২০২২ ত জাৰ্মানীত, ২০২৩ ত জাপানত আৰু ২০২৪ ত ইটালীত অনুষ্ঠিত সন্মিলনত তেওঁ প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰি আহিছে। 

চলিত বৰ্ষৰ যোৱা ২৫ মে’ তাৰিখে, কানাডাৰ নতুন বিদেশ মন্ত্ৰী অনিতা আনন্দে ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰিছিল। মাৰ্ক কাৰ্নি প্ৰধানমন্ত্ৰী হোৱাৰ পিছত দুয়োপক্ষৰ মাজত এয়া আছিল প্ৰথম ৰাজনৈতিক স্তৰৰ যোগাযোগ।

অনিতা আনন্দে কৈছিল কানাডাই আমেৰিকাৰ ওপৰত নিৰ্ভৰতা কমাই ভাৰতৰ সৈতে বাণিজ্যিক সম্পৰ্ক শক্তিশালী কৰিবলৈ আগ্ৰহী।

নৰেন্দ্ৰ মোডী