/asomiyapratidin/media/media_files/2025/04/07/erIgjd2EAl8uHjRIvTFT.jpg)
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শ্ৰীলংকা ভ্ৰমণে ভাৰতৰ ‘চুবুৰীয়া প্ৰথম নীতি’ আৰু ‘মহাসাগৰ’ ভিছনৰ গুৰুত্বপূৰ্ণ ভূমিকাক অধিক শক্তিশালী কৰি তুলিছে বুলি দেওবাৰে কলম্বোস্থিত ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়াকেৰ কাৰ্যালয়ে প্ৰকাশ কৰে।
দেওবাৰে মোডীৰ শ্ৰীলংকা ভ্ৰমণৰ সামৰণি পৰে। ভ্ৰমণৰ সময়ছোৱাত তেওঁ ৰাষ্ট্ৰপতি দিছানায়াকেৰ সৈতে আলোচনাত মিলিত হয়। প্ৰতিৰক্ষা, শক্তি আৰু ডিজিটেলাইজেশ্যনৰ দৰে খণ্ডত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে কেইবাখনো চুক্তি স্বাক্ষৰিত কৰে দুয়োখন দেশে।
ৰাষ্ট্ৰপতি দিছানায়াকেৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰী মোডীৰ এইটো চতুৰ্থটো শ্ৰীলংকা ভ্ৰমণ। বিগত বছৰৰ ছেপ্টেম্বৰ মাহত ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱাৰ পিছত শ্ৰীলংকাৰ নেতাগৰাকীয়ে প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে নতুন দিল্লী ভ্ৰমণ কৰিছিল।
ৰাষ্ট্ৰপতি দিছানায়াকৰ কাৰ্যালয়ে এক বিবৃতিত কয় যে, প্ৰধানমন্ত্ৰী মোডীৰ এই ভ্ৰমণে ‘শতিকাৰ বন্ধুত্ব, সমৃদ্ধিশালী ভৱিষ্যতৰ প্ৰতি দায়বদ্ধতা, চিৰস্থায়ী সম্পৰ্ক, ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ বান্ধোনক অধিক শক্তিশালী কৰি তুলিছে।
এই ভ্ৰমণে দুয়োখন দেশৰ মাজত অৰ্থনৈতিক, সাংস্কৃতিক আৰু ঐতিহাসিক সম্পৰ্ক আৰু অধিক বৃদ্ধি কৰাৰ লগতে তেওঁলোকৰ বহুমুখী অংশীদাৰিত্বও শক্তিশালী কৰিছে বুলিও ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়কেৰ কাৰ্যালয়ে প্ৰকাশ কৰা বিবৃতিত উল্লেখ কৰিছে।