/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/f3a49b62-9ecd-45cd-844f-65558b19ed6e/modi1.jpg)
PM Narendra Modi
ডিজিটেল ডেস্কঃ উত্তৰ-পূৰ্বাঞ্চলৰ দুই ৰাজ্য ত্ৰিপুুৰা আৰু অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । এই কথা জানিবলৈ দিয়ে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাই। সাহাই কয় যে, অক্টোবৰ মাহৰ শেষৰ ফালে একাধিক প্ৰকল্পৰ শুভাৰম্ভৰ উদ্দেশ্যে উত্তৰ-পূবলৈ আহিব প্ৰধানমন্ত্ৰী গৰাকী।
উল্লেখ্য যে, পি এম এ ৱাইৰ অধীনত নিৰ্মিত আৱাসিক গোটসমূহ উদ্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে।
অন্যহাতে মোডীয়ে ত্ৰিপুৰাৰ লগতে অৰুণাচল ভ্ৰমণ কৰাৰো কথা আছে। অৰুণাচলৰ ডনি পোলো বিমানবন্দৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে আনুষ্ঠানিকভাৱে উদ্ধোধন কৰিব বুলি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। অৱশ্যে এতিয়াও মোডীৰ ভ্ৰমণ কাৰ্যসূচী চূড়ান্ত হোৱা নাই।