"পাকিস্তানে গুলী নিক্ষেপ কৰিব, আমি বোমাৰে প্ৰত্যুত্তৰ দিম"

"ৱাহান ছে গলি চালেগী, ইয়াহা ছে গোলা চালেগা" (তেওঁলোকে তাৰ পৰা গুলী নিক্ষেপ কৰিব, আমি ইয়াৰ পৰা বোমাৰে প্ৰত্যুত্তৰ দিম।) যুদ্ধবিৰতি উলংঘা কৰি পাকিস্তানৰ গোলাবৰ্ষণ আৰু ড্ৰ’ন আক্ৰমণক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰিছে কঠোৰ স্থিতি।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
পাকিস্তানে গুলী নিক্ষেপ কৰিব, আমি বোমাৰে প্ৰত্যুত্তৰ দিম

পাকিস্তানে গুলী নিক্ষেপ কৰিব, আমি বোমাৰে প্ৰত্যুত্তৰ দিম

ডিজিটেল ডেস্ক: "ৱাহান ছে গলি চালেগী, ইয়াহা ছে গোলা চালেগা" (তেওঁলোকে তাৰ পৰা গুলী নিক্ষেপ কৰিব, আমি ইয়াৰ পৰা বোমাৰে প্ৰত্যুত্তৰ দিম।) যুদ্ধবিৰতি উলংঘা কৰি পাকিস্তানৰ গোলাবৰ্ষণ আৰু ড্ৰ’ন আক্ৰমণক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰিছে কঠোৰ স্থিতি। যুদ্ধবিৰতি উলংঘাৰ ক্ষেত্ৰত স্পষ্ট ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে মোদীয়ে। যদি পাকিস্তানী সামৰিক বাহিনীয়ে গুলীচালনা কৰে তেন্তে ভাৰতে প্ৰতিশোধ ল’ব বুলি স্পষ্ট কৰি দিয়ে প্ৰধামন্ত্ৰীয়ে।

Advertisment

সূত্ৰ অনুসৰি, অপাৰেচন সিন্দুৰৰ এতিয়ালৈ অন্ত হোৱা নাই বুলি উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। সামৰিক দিশৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাকিস্তানক "ধূলিলৈ" পৰিণত কৰাৰ প্ৰতিশ্ৰুতি দিছিল — আৰু বাহাৱালপুৰ, মুৰিদকে, আৰু মুজাফ্ফৰাবাদৰ মূল লক্ষ্যস্থান সমূহ ধ্বংস কৰাত ভাৰতীয় সামৰিক বাহিনী সফল হৈছে।

ইফালে, যেতিয়ালৈকে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদ অব্যাহত থাকিব তেতিয়ালৈকে পাকিস্তানৰ সৈতে কূটনৈতিক যোগাযোগ নাথাকিব বুলি স্পষ্ট কৰিছে ভাৰত চৰকাৰে। কাশ্মীৰ সন্দৰ্ভত কোনো ধৰণৰ মধ্যস্থতা বা আলোচনা নাকচ কৰি এজন শীৰ্ষ বিষয়াই সদৰি কৰে যে, "কাশ্মীৰৰ সৈতে জড়িত একমাত্ৰ আলোচনা কৰিবলগীয়া বিষয়টো হ’ল পাকিস্তানৰ অবৈধ দখলৰ অধীনত থকা ভূখণ্ড ঘূৰাই অনা।" উল্লেখযোগ্য যে, চাৰিদিনীয়া ড্ৰ’ন আৰু মিছাইল বিনিময়ৰ পিছত শনিবাৰে সন্ধিয়া দুয়োখন ৰাষ্ট্ৰই যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছিল।

অপাৰেচন সিন্দুৰ নৰেন্দ্ৰ মোডী যুদ্ধবিৰতি