/asomiyapratidin/media/media_files/2025/06/28/ujujdd-2025-06-28-11-11-45.jpg)
ডিজিটেল ডেস্কঃ অসাধাৰণ প্ৰতিভা। ৬বছৰ বয়সতে তেলেংগানাৰ এটি শিশুৰ প্ৰতিভা দেখি সকলো আচৰিত। ২০ মিনিটত ৯৯টা ৰুবিক্স কিউবৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অংকণ কৰিলে এই প্ৰতিভাৱান শিশুটিয়ে।
তেলেংগানাৰ সুজাথা আৰু নিথিন ৰেড্ডীৰ পুত্ৰ বিধাতে ৰুবিক্স কিউব ব্যৱহাৰ কৰি এই আচৰিত ধৰণৰ প্ৰতিকৃতি তৈয়াৰ কৰিছে, যিটো কলা প্ৰশিক্ষিত পেছাদাৰীসকলেও প্ৰায়ে প্ৰত্যাহ্বানজনক বুলি বিবেচনা কৰে। ৯৯টা ৰুবিক্স কিউব ব্যৱহাৰ কৰি মাত্ৰ ২০ মিনিটতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি নিৰ্মাণ কৰিছিল ৬বছৰীয়া বিধাতে।
পিতৃয়ে জনায় যে, ৰুবিক্সক লৈ বিধাতৰ যাত্ৰা আৰম্ভ হৈছিল তিনি বছৰ বয়সৰ পৰা। নিয়মীয়া অনুশীলন আৰু অনলাইন প্ৰশিক্ষণৰ জৰিয়তে তেওঁ কেৱল কিউব সমাধান কৰাই নহয়, কিউবৰ ব্যৱস্থা ব্যৱহাৰ কৰি মুখৰ প’ৰ্ট্ৰেইট তৈয়াৰ কৰাটোও দ্ৰুতগতিত আয়ত্ত কৰিছিল। তেওঁৰ প্ৰথম পৰীক্ষাসমূহৰ ভিতৰত আছিল স্মৃতি আৰু ৰেফাৰেন্স ছবিৰ পৰা পিতৃ-মাতৃৰ ছবি আনকি নিজৰ মুখৰ ছবিও নিৰ্মাণ কৰিছিল বিধাতে।
ইতিমধ্যে বিধাতে তেলেংগানা কিউব চেম্পিয়নশ্বিপ ২০২৪ আৰু ডিচি অ’পেন জুলাই হায়দৰাবাদ ২০২৪ৰ দৰে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বয়সস্থ অংশগ্ৰহণকাৰীসকলৰ মাজত ৩x৩x৩ আৰু ২x২x২ কিউব সমাধানৰ দক্ষতা প্ৰদৰ্শন কৰিছে।