ডিজিটেল ডেস্কঃ দুই ৰাজ্য মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাত বৰ্তমানে শাসনত আছে ৰাষ্ট্ৰীয় দল বিজেপি৷ চলিত বৰ্ষতে এই দুই ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু নিৰ্বাচনত বিজয়ী হৈছিল বিজেপি দল৷
এই দুই ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলৰ লক্ষ্যত উপনীত হোৱাত বাধা প্ৰদান কৰিবলৈ সক্ষম হৈছিল৷ শেহতীয়াকৈ দুয়োখন ৰাজ্যতে বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল ৷
২০২৪ চনৰ লোকসভা নিৰ্বাচনত দলটোৰ প্ৰদৰ্শন তুলনামূলকভাৱে কম হোৱাৰ পাছতো এই ৰাজ্যসমূহত বিজেপিৰ উল্লেখযোগ্য জয়ৰ কাৰণ কি আছিল সেই সম্পৰ্কে মেট্ৰিজ জৰীপে তথ্য প্ৰকাশ কৰিছে ৷
এই সমীক্ষা মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰভাৱ তথা জনপ্ৰিয়তাই বিজেপি দলক লক্ষ্য প্ৰাপ্তিত সহায় কৰিছিল৷ কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীয়ে বিজেপিৰ আগত কোনো প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পৰা নাছিল৷
দুয়োটা নিৰ্বাচনৰ মাজত ভোটাৰৰ আৱেগৰ পৰিৱৰ্তনৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে সংস্থাটোৱে ৷
‘সাংবিধানিক পৰিৱৰ্তন’ৰ আখ্যানৰ মূল হিচাপে কংগ্ৰেছে কৰা প্ৰচেষ্টাই বিধানসভা নিৰ্বাচনতো কোনো প্ৰভাৱ পেলাব নোৱাৰিলে৷ ।
২০২৪ চনৰ ২৫ নৱেম্বৰৰ পৰা ২০২৪ চনৰ ১৪ ডিচেম্বৰৰ ভিতৰত এই সমীক্ষা চলোৱা হৈছিল৷ মহাৰাষ্ট্ৰত ৭৬, ৮৩০ আৰু হাৰিয়ানাত ৫৩, ৬৪৭জন লোকৰ ওপৰত এই সমীক্ষা চলোৱা হৈছিল৷