/asomiyapratidin/media/media_files/2025/02/12/7ji5ktbzhgYWxVEFEtxe.jpg)
আফগানিস্তানৰ পথ বন্ধ!
ডিজিটেল ডেস্কঃ যোৱা সোমবাৰে তিনিদিনীয়া ভ্ৰমণসূচীৰে ফান্স আৰু আমেৰিকালৈ নতুন দিল্লীৰ পৰা উৰা মাৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। এই ভ্ৰমণ কালত বহুকেইটা গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশ ল'ব দেশৰ প্ৰধান মন্ত্ৰীগৰাকীয়ে। সোমবাৰে দিনৰ প্ৰায় ১বজাত পেৰিছত উপস্থিত হয়গৈ প্ৰধানমন্ত্ৰীগৰাকী।
শেহতীয়াকৈ পাকিস্তানৰ এক সংবাদ সংস্থাই বাতৰি প্ৰকাশ কৰিছে যে, প্ৰধানমন্ত্ৰীয়ে এই বিদেশ ভ্ৰমণৰ সময়চোৱাত পাকিস্তানৰ আকাশমাৰ্গত প্ৰায় ৪৬মিনিট সময় অতিবাহিত কৰিছিল। প্ৰধানমন্ত্ৰীৰ বিমানখনত লাহোৰৰ সমীপৰে পাকিস্তানত প্ৰৱেশ কৰিছিল। প্ৰায় ৩৪,০০০ফুট উচ্চতাত উৰা মোডীৰ বিমানখন পাকিস্তানৰ শ্বেইখপুৰা, হাফিজাবাদ, চাকৱাল, কোহাটকে ধৰি কেইবাখনো চহৰৰ মাজেৰে পাৰ হৈ যায়।
উল্লেখ কৰা প্ৰয়োজন যে, আফগানিস্তানৰ আকাশমাৰ্গ এতিয়াও ভাৰতৰ বাবে বন্ধ হৈ থকাৰ বাবে পাকিস্তানৰ আকাশমাৰ্গেৰেই যাত্ৰা কৰিছিল প্ৰধানমন্ত্ৰীয়ে। পূৰ্বেও ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে পাকিস্তানৰ এই আকাশমাৰ্গকেই ব্যৱহাৰ কৰিছিল।
যোৱা বছৰৰ আগষ্ট মাহত প্ৰধানমন্ত্ৰীয়ে পোলেণ্ড ভ্ৰমণলৈ যাওতে দিল্লীৰ পৰা পাকিস্তানৰ আকাশমাৰ্গেৰেই যাত্ৰা কৰিছিল। সেই সময়তো প্ৰায় ৪৬মিনিট সময় পাকিস্তাৰ আকাশমাৰ্গত আছিল মোডীৰ বিমান।