এম্বুলেঞ্চক বাট এৰি দিলে প্ৰধানমন্ত্ৰী মোডীৰ কনভয়েঃ চাওত সেই দৃশ্য..

author-image
Asomiya Pratidin
New Update
এম্বুলেঞ্চক বাট এৰি দিলে প্ৰধানমন্ত্ৰী মোডীৰ কনভয়েঃ চাওত সেই দৃশ্য..

pm modi

ডিজিটেল ডেস্কঃ এটা ৫ ছেকেণ্ডৰ দৃশ্য। যি দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে সমগ্ৰ দেশত। একাংশই এই ৫ ছেকেণ্ডৰ ভিডিঅ'ক কেন্দ্ৰ কৰি প্ৰধানমন্ত্ৰী মোডীক প্ৰশংসাৰে উপচাই পেলাইছে আন একাংশই আকৌ এই দৃশ্যক এক পাব্লিচিটি ষ্টাণ্ট বুলিহে অভিহিত কৰিছে।

Advertisment

এই দৃশ্য আহমেদাবাদৰ। গৃহৰাজ্য গুজৰাট ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহমেদাবাদৰ পৰা গান্ধীনহৰ অভিমুখে যাত্ৰা কৰাৰ সময়ৰ দৃশ্য আছিল সেয়া। এখন এম্বুলেঞ্চক বাট এৰি দিবলৈ কিছু সময়ৰ বাবে ৰখাই দিয়া হ'ল প্ৰধানমন্ত্ৰী মোডীৰ কনভয়।

এম্বুলেঞ্চখনক বাট এৰি দিয়া এই দৃশ্য বন্দী কৰা হ'ল কেমেৰাত। যি দৃশ্য পৰৱৰ্তী সময়ত গুজৰাট বিজেপিৰ মিডিয়া কোষৰ পৰা শ্বেয়াৰ কৰা হ'ল সামাজিক মাধ্যমত। ইয়াৰ পিছতে ভাইৰেল সমগ্ৰ দৃশ্য।

ভিডিঅ'ত দেখা গৈছে মোডীৰ কনভয়ৰ দুখন এছ ইউ ভি বাহনে এম্বুলেঞ্চখনক যাবলৈ বাট এৰি দিছে। এই ঘটনা আহমেদাবাদৰ দূৰদৰ্শন কেন্দ্ৰৰ সমীপত এখন ৰাজহুৱা সমাৱেশ শেষ কৰি গান্ধীনগৰৰ ৰাজভৱনলৈ যোৱাৰ সময়তে এই ঘটনা সংঘটিত হয়।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোডীয়ে আজি গান্ধীনগৰ-মুম্বাই বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লৰ ফ্লেগ অফ কৰাৰ লগতে আহমেদাবাদ মেট্ৰ’ ৰে’ল প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ কামৰো শুভ উদ্বোধন কৰে।

narendra modi