/asomiyapratidin/media/media_files/2025/09/11/1-2025-09-11-08-04-21.jpg)
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড ভ্রমণ কৰিব প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে। জানিব পৰা মতে, বাৰাণসীত মৰিছাচৰ প্রধানমন্ত্রী নবীনচন্দ্র ৰামণ্ডলামক সাক্ষাৎ কৰিব প্রধানমন্ত্রী গৰাকীয়ে। উল্লেখ্য যে, ১৬ ছেপ্তেম্বৰ পর্যন্ত ভাৰত ভ্ৰমণলৈ অহা মৰিছাচৰ প্ৰধানমন্ত্ৰীগৰাকী কালি সন্ধিয়া বাৰাণসীত উপস্থিত হয়।
বাৰাণসীত উপস্থিত হোৱাৰ পাছত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেলে তেওঁক আদৰণি জনায়। যোৱা মাৰ্চত প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ মৰিছাচ ভ্ৰমণৰ পাছত দেশখনৰ প্ৰধানমন্ত্ৰী ৰামগুলামে এই ভাৰত যাত্রা গুৰুত্বপূর্ণ বুলি বিবেচিত কৰিছে।
প্রধানমন্ত্রী মোডীৰ মৰিছাচ ভ্ৰমণৰ সময়ত দুয়োগৰাকী নেতাই দেশ দুখনৰ মাজৰ কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰা সন্দৰ্ভত আলোচনাত মিলিত হৈছিল। বাৰাণসীত দুয়োগৰাকী নেতাৰ মাজত হ'বলগীয়া দ্বিপাক্ষিক আলোচনাত অংশীদাৰিত্ব শক্তিশালী কৰা সামর্থ বিকাশত বিশেষ গুৰুত্ব দি সহযোগিতাৰ সকলো দিশ সামৰি পর্যালোচনা কৰিব।
দুয়োগৰাকী নেতাই স্বাস্থ্য, শিক্ষা, বিজ্ঞান আৰু প্রযুক্তি, শক্তি, আন্তঃগাঁথনি আদিৰ লগতে নৱীকৰণযোগ্য শক্তি, ডিজিটেল আন্তঃগাঁথনি আদিৰ ক্ষেত্রত সহযোগিতা অধিক বৃদ্ধি কৰাৰ বিষয়ত আলোচনা কৰিব।
ইয়াৰ পাছত সন্ধিয়াৰ প্রধানমন্ত্রী মোডীয়ে বিমানেৰে উত্তৰাখণ্ডৰ বান ক্ষতিগ্রস্ত অঞ্চলসমূহ পর্যবেক্ষণ কৰিব।
উল্লেখ কৰা প্ৰয়োজন যে, বিয়লি প্ৰায় ৪.১৫ বজাত তেওঁ উত্তৰাখণ্ডৰ বানপীড়িত অঞ্চলসমূহৰ আকাশী জৰীপ চলাব আৰু সন্ধিয়া ৫ বজাত বিষয়াসকলৰ সৈতে উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকৰ অধ্যক্ষতা কৰিব।