/asomiyapratidin/media/media_files/2025/11/01/1-2025-11-01-09-08-40.jpg)
ডিজিটেল ডেস্কঃ চত্তিশগড় ৰাজ্য হিচাপে প্রতিষ্ঠা হোৱা ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজন কৰা অনুষ্ঠানত আজি প্রধানমন্ত্রী নৰেন্দ্র মোডী অংশগ্ৰহণৰ বাবে ৰাজ্যখনলৈ যাব। ভ্রমণকালত প্রধানমন্ত্রীয়ে ১৪ হাজাৰ ২৬০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান উন্নয়নমূলক প্রকল্প উদ্বোধন কৰাৰ লগতে কেইবাটাও কার্যসূচীত অংশ ল'ব।
প্রধানমন্ত্রীগৰাকীয়ে প্রথমে নৰ ৰায়পুৰ অটল নগৰত থকা শ্রীসত্য সাই সঞ্জীবনী হাস্পতালত গিফ্ট অফ লাইফ কার্যসূচীৰ অধীনত সফলভাবে চিকিৎসা সম্পূর্ণ হোৱা জন্মগতভাবে হৃদ ৰোগত আক্রান্ত প্রায় দুহেজাৰ ৫০০ শিশুৰ সৈতে মত বিনিময় কৰিব।
ইয়াৰ পাছত তেওঁ শান্তি শিখৰ শীৰ্ষক ব্রহ্মকুমাৰীৰ এটা আধুনিক আধ্যাত্মিক শিক্ষা, শান্তি আৰু ধ্যান কেন্দ্র মুকলি কৰিব। প্রধানমন্ত্রী মোডীয়ে আজি নৱ ৰায়পুৰ অটল নগৰত চত্তিশগড় বিধানসভাৰ নব নির্মিত ভৱনত ভাৰত বাবে সম্মানিত প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ এটা প্রতিমূর্তি উন্মোচন কৰিব।
তেওঁ লগতে এই নতুন বিধানসভা ভবনটো উদ্বোধন কৰিব আৰু জনসাধাৰণক উদ্দেশি ভাষণ দিব। সেউজ ভৱন ধাৰণাৰে নিৰ্মাণ কৰা এই বিধানসভা ভবন সৌৰ শক্তিৰ দ্বাৰা পৰিচালিত হোৱাৰ লগতে ইয়াত বৰষুণৰ পানী সংৰক্ষণ কৰিব পৰা ব্যৱস্থা আছে।
শ্রী মোডীয়ে ইয়াৰ পাছত ৰাজ্যখনৰ প্ৰতিষ্ঠাৰ ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজন কৰা চত্তিশগড় ৰজত মহোৎসৱত ভাগ ল'ব। এই অনুষ্ঠানতে তেওঁ ৰাজ্যখনৰ পথ, উদ্যোগ, স্বাস্থ্য সেৱা আৰু শক্তিখণ্ডক সামৰি বহুকেইটা উন্নয়নমূলক প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে,চত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকায়ো ৰাজ্যবাসীক চত্তিশগড় প্রতিষ্ঠা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমযোগে ৰাজ্যবাসীক শুভকামনা জনাই ৰমেন ডেকাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us