ভাৰতে গিনিলৈ ৰপ্তানি কৰিব লোক'মটিভঃ আজি প্ৰধানমন্ত্ৰীয়ে কৰিব ফ্লেগঅফ

ভাৰতৰ ৰপ্তানীমুখী উদ্যমক নতুন মাত্ৰা প্ৰদান কৰি শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিহাৰত ফ্লেগল অফ কৰিব গিনি প্ৰজাতন্ত্ৰলৈ ৰপ্তানি কৰিবলগীয়া লোক’মটিভৰ।

author-image
Asomiya Pratidin
New Update
locomotive

ডিজিটেল ডেস্কঃ ভাৰতৰ ৰপ্তানীমুখী উদ্যমক নতুন মাত্ৰা প্ৰদান কৰি শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিহাৰত ফ্লেগল অফ কৰিব গিনি প্ৰজাতন্ত্ৰলৈ ৰপ্তানি কৰিবলগীয়া লোক’মটিভৰ। এই লোক’মটিভসমূহ বিহাৰৰ ছাৰাণ জিলাৰ মাৰহৌৰা ডিজেল লোক’মটিভ প্লান্টত নিৰ্মাণ কৰা হৈছে। 

Advertisment

মেইক ইন ইণ্ডিয়া-মেইক ফ’ৰ দ্য ৱৰ্ল্ড- উদ্দেশ্যৰ অংশ

গিনিলৈ ৰপ্তানীকৰিবলগীয়া এই লোক’মটিভসমূহ “মেইক ইন ইণ্ডিয়া-মেইক ফ’ৰ দ্য ৱৰ্ল্ড” উদ্দেশ্যৰ অংশ হিচাপে গণ্য কৰা হৈছে। ভাৰতীয় ৰে’লৱেৰ তথ্য আৰু জনসংযোগ বিভাগৰ কাৰ্যবাহী সঞ্চালক (EDIP) দিলীপ কুমাৰে সংবাদ সংস্থা ANI ৰ আগত অৱগত কৰা মতে এই প্লান্টত পূৰ্বে কেৱল ভাৰতীয় ৰে’লৱেৰ বাবেহে লোক’মটিভ প্ৰস্তুত হৈছিল। কিন্তু বৰ্তমানে উৎপাদন ক্ষমতা বৃদ্ধি পোৱাৰ লগে লগে ভাৰত বিশ্ববজাৰত লোক’মটিভ ৰপ্তানিৰ বাবে প্ৰৱেশ কৰিছে।

মাৰহৌৰা প্লান্টত নিৰ্মাণ কৰা হৈছে এই লোক'মটিভসমূহ

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা জনোৱা অনুসৰি, এই লোক’মটিভসমূহ মাৰহৌৰা প্লান্টত নিৰ্মাণ কৰা হৈছে। এই লোক’মটিভসমূহত হাই-হৰ্ছপাৱাৰ ইঞ্জিন, উন্নত AC প্ৰপালচন চিষ্টেম, মাইক্ৰ’প্ৰচেছৰ-ভিত্তিক নিয়ন্ত্ৰণ ব্যৱস্থা, আৰামদায়ক আৰু আধুনিক কেবিন ডিজাইন, লগতে ৰিজেনাৰেটিভ ব্রেকিং প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে।

গিনিৰ ছিমানডো প্ৰজেক্টৰ বাবে এই লোক’মটিভবোৰ অতি গুৰুত্বপূর্ণ বুলি Wabtec ইণ্ডিয়াৰ মেনেজিং ডাইৰেক্টৰ সন্দীপে উল্লেখ কৰে। ছিমানডো হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ আইৰন অ'ৰ খনিসমূহৰ ভিতৰত অন্যতম।

এই প্ৰকল্পটো ২০১৫ চনত আৰম্ভ হৈছিল, য’ত Wabtec-ৰ ৭৫ শতাংশ আৰু ভাৰতীয় ৰে’লৱেৰ ২৫ শতাংশ অংশীদাৰিত্ব আছে।

গিনিলৈ ৰপ্তানি কৰিব ১৫০ টা লোক'মটিভ

এতিয়ালৈকে ৭২৬টা লোক’মটিভ ভাৰতীয় ৰে’লৱেৰ বাবে প্ৰদান কৰা হৈছে, আৰু আগন্তুক ৩ বছৰত ১৫০টা লোক’মটিভ গিনিলৈ ৰপ্তানি কৰা হ’ব। মাৰহৌৰা প্লান্টত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে প্ৰায় ২০০০-২৫০০ লোক নিযুক্ত হৈ আছে।

ৰে’লৱেৰ তথ্য আৰু জনসংযোগ বিভাগৰ কাৰ্যবাহী সঞ্চালক দিলীপ কুমাৰে কয়, “ষ্টেণ্ডাৰ্ড গেজ লোক’মটিভৰ বিশ্ববজাৰত বিশেষকৈ পশ্চিম ইউৰোপ, আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াত অত্যন্ত চাহিদা আছে।” ভাৰতৰ এই প্ৰয়াসে অন্তৰ্জাতিক ৰে’লবজাৰত এক নতুন দিশৰ উন্মোচন কৰিব বুলি আশা প্ৰকাশ কৰিছে।

 

নৰেন্দ্ৰ মোডী ভাৰতীয় ৰে'লৱে মেক ইন ইণ্ডিয়া