নিৰ্বাচনে হাত বাউলি মাতে ! ১৫ হাজাৰ কোটিৰো অধিক পেকেজ লৈ আজি গুজৰাটলৈ প্ৰধানমন্ত্ৰী মোডী...

author-image
Asomiya Pratidin
New Update
নিৰ্বাচনে হাত বাউলি মাতে ! ১৫ হাজাৰ কোটিৰো অধিক পেকেজ লৈ আজি গুজৰাটলৈ প্ৰধানমন্ত্ৰী মোডী...

narendra modi

ডিজিটেল ডেস্কঃ সমাগত গুজৰাট বিধানসভা নিৰ্বাচন। ৰাজ্যখনৰ নিৰ্বাচনক কেন্দ্ৰ কৰি অন্যান্য ৰাজনৈতিক দলৰ লগতে শাসনাধিস্ত বি জে পি ব্যস্ত হৈ পৰিছে। বিশেষকৈ এইবাৰ গুজৰাট দখলৰ বাবে আম আদমী পাৰ্টিয়ে ৰণকৌশল তৈয়াৰ কৰি ৰাজ্যখনত প্ৰচাৰ কাৰ্য তীব্ৰতৰ কৰি তোলাৰ লগতে শিক্ষা, স্বাস্থ্যকে ধৰি বিভিন্ন দিশৰ উন্নয়নৰ প্ৰতিশ্ৰুতিৰে জনতাৰ মাজত সোমাই পৰাক কেন্দ্ৰ কৰি শাসনাধিস্ত বিজেপিৰ সন্ত্ৰস্ত হৈ পৰিছে।

Advertisment

এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সঘনাই গুজৰাট ভ্ৰমণ কৰিবলৈ বাধ্য হৈছে। আজি পুনৰ প্ৰধানমন্ত্ৰী মোডীয়ে পুনৰ দুদিনীয়া কাৰ্যসূচীৰে গুজৰাটত উপস্থিত হৈছে গৈ। ৰাজ্যখনত আজি মোডীয়ে বহু হাজাৰ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ শুভ উদ্বোধন কৰিব।

বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি আজি গুজৰাটত মোডীয়ে ১৫ হাজাৰ ৬৭০ কোটি টকীয়া উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। আজি মোডীয়ে প্ৰথমে গান্ধীনগৰৰ মহাত্মা মন্দিৰ সন্মিলন আৰু প্ৰদৰ্শনী কেন্দ্ৰত প্ৰতিৰক্ষা একক্সপো-২০২২ উদ্বোধন কৰিব।

ইয়াৰ পিছতে তেওঁ আদালাজত উৎকৰ্ষ ৰক্ষাৰ মিছন স্কুল মুকলি কৰিব। ইয়াৰ উপৰিও তেওঁ আন কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে জনসভাতো ভাষণ প্ৰদান কৰিব।

gujrat narendra modi