/asomiyapratidin/media/media_files/2025/06/29/whatsapp-image-2-2025-06-29-21-35-42.jpeg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ 'মন কী বাত' অনুষ্ঠানৰ যোগেদি ন ৰূপে গঢ় লৈ উঠা অসমৰ 'বড়োলেণ্ড'ক সমগ্ৰ বিশ্বজুৰি এক আকৰ্ষণীয় কথন শৈলীৰে ডাঙি ধৰে। প্ৰধানমন্ত্ৰী গৰাকীৰ মুখেৰে 'বড়োলেণ্ড' সম্পৰ্কে ৰেডিঅ'ৰ যোগেদি কৰা উপস্থাপন ইমানেই সুন্দৰ, সাৱলীল আৰু শ্ৰুতি মধুৰ আছিল যে 'মন কী বাত' অনুষ্ঠানটি প্ৰচাৰিত হৈ থকা মূহুৰ্তত প্ৰতিগৰাকী অসমীয়াৰ মনত এক নতুন আশাৰ সঞ্চাৰ ঘটায়।
এটা সময়ত হত্যা হিংসাৰে জৰ্জৰিত 'বড়োলেণ্ড' ত বৰ্তমানে বাস্তবায়িত কৰি তোলা পৰিৱেশৰ এক নান্দনিক বৰ্ণনা দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়-"আপুনি এখন ছবি কল্পনা কৰক। ৰাতিপুৱাৰ ৰ’দটোৱে পাহাৰবোৰ চুব ধৰিছে, লাহে লাহে পোহৰ পথাৰখনৰ ফালে আগবাঢ়িছে আৰু সেই পোহৰৰ লগে লগে ফুটবল প্ৰেমী দলটো আগবাঢ়িছে।
হুইচেল বাজি উঠে আৰু কেইমুহূৰ্তৰ ভিতৰতে খেলপথাৰখন হাতচাপৰি আৰু শ্লোগানৰ প্ৰতিধ্বনিত হয়। প্ৰতিটো পাছ, প্ৰতিটো গ’লৰ লগে লগে মানুহৰ উৎসাহ বাঢ়িবলৈ ধৰিছে। আপুনি নিশ্চয় ভাবিব ধৰিছে যে এইখননো কোনখন ধুনীয়া পৃথিৱী? বন্ধুসকল, এই ছবিখন অসমৰ এটা প্ৰধান অঞ্চল বড়োলেণ্ডৰ বাস্তৱ। আজি বড়োলেণ্ড নতুন ৰূপত দেশৰ সন্মুখত থিয় দিছে। ইয়াৰ যুৱক-যুৱতীসকলৰ যি শক্তি আৰু আত্মবিশ্বাস আছে, সেয়া ফুটবল খেলপথাৰত আটাইতকৈ অধিক দেখা পোৱা যায়।"
প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে, বডো টেৰিটৰিয়েল অঞ্চলত বড়োলেণ্ড চিইএম কাপৰ আয়োজন কৰা হৈছে। ই কেৱল প্ৰতিযোগিতাই নহয়, ই একতা আৰু আশাৰ এক বৃহৎ উদযাপনলৈ পৰিণত হৈছে। ৩ হাজাৰ ৭০০ টাতকৈও অধিক দল, প্ৰায় ৭০ হাজাৰ খেলুৱৈ, আৰু আমাৰ বহু সংখ্যক ছোৱালীয়েও ইয়াত অংশগ্ৰহণ কৰিছে। এই পৰিসংখ্যাবোৰে বড়োলেণ্ডৰ অভাৱনীয় পৰিৱৰ্তনৰ কথাকেই কয়। বডোলেণ্ডে এতিয়া দেশৰ ক্ৰীড়া মানচিত্ৰত নিজকেই আৰু অধিক জিলিকাই তুলিছে।
হত্যা হিংসাৰে জৰ্জৰিত 'বড়োলেণ্ড' খনৰ কথা সুঁৱৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, এটা সময় আছিল যেতিয়া সংগ্ৰাম আছিল এই ঠাইখনৰ পৰিচয়। সেই সময়ত ইয়াৰ যুৱক-যুৱতীসকলৰ বাবে পথ সীমিত আছিল। কিন্তু আজি তেওঁলোকৰ চকুত নতুন সপোন আৰু অন্তৰত আত্মনিৰ্ভৰশীলতাৰ সাহস বিদ্যমান। ইয়াৰ পৰা ওলাই অহা ফুটবল খেলুৱৈসকলে এতিয়া এক বহল পৰিসৰত নিজৰ নাম উজলাইছে।
হলিচৰণ নাৰ্জাৰী, দুৰ্গা বড়ো, অপূৰ্ব নাৰ্জাৰী, মনবীৰ বসুমতাৰী আদিৰ দৰে বড়োলেণ্ডৰ সুদক্ষ খেলুৱৈৰ নাম লৈ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, এইবোৰ কেৱল ফুটবল খেলুৱৈৰ নাম নহয় – এওঁলোক হৈছে বড়োলেণ্ডক খেলপথাৰৰ পৰা ৰাষ্ট্ৰীয় মঞ্চলৈ লৈ যোৱা নতুন প্ৰজন্মৰ পৰিচয়। শ্ৰী মোদীয়ে আৰু কয় যে, এওঁলোকৰ বহুতেই সীমিত সা-সুবিধাৰ মাজেৰে অনুশীলন কৰিছিল, বহুজনে কঠিন পৰিস্থিতিৰ মাজেৰে নিজৰ বাট উলিয়াইছিল আৰু আজি দেশৰ বহু সৰু ল’ৰা-ছোৱালীয়ে এওঁলোকৰ নাম লৈয়েই সপোনৰ আৰম্ভণি কৰে।