ভাৰতৰ সৈতে একেলগে কাম কৰাৰ ইচ্ছা ঋষি ছোনাকৰঃ প্ৰধানমন্ত্ৰী মোডীৰে টেলিফোনিক বাৰ্তালাপ...

author-image
Asomiya Pratidin
New Update
ভাৰতৰ সৈতে একেলগে কাম কৰাৰ ইচ্ছা ঋষি ছোনাকৰঃ প্ৰধানমন্ত্ৰী মোডীৰে টেলিফোনিক বাৰ্তালাপ...

narendra modi

ডিজিটেল ডেস্কঃ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছতে ঋষি ছোনাকলৈ ফোন কৰি শুভেচ্ছা জনালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লোৱা ঋষি ছোনাক প্ৰথমজন ভাৰতীয় মূলৰ ব্যক্তি।

আজি প্ৰধানমন্ত্ৰী মোডীয়ে ঋষি ছোনাকক টেলিফোন কৰি শুভেচ্ছা জনোৱাৰ লগতে কেইবাটাও বিষয়ৰ ওপৰত বাৰ্তালাপ কৰে। দুয়োৱে এই টেলিফোনিক বাৰ্তালাপৰ সময়ত ভাৰত আৰু ব্ৰিটেইনৰ বাণিজ্যিক চুক্তি সন্দৰ্ৰভত আলোচনাৰ কথা প্ৰকাশ পাইছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সূত্ৰত।

ইয়াৰোপৰি দুয়ো ভাৰত-ব্ৰিটেইনৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক উন্নত আৰু শক্তিশালী কৰাৰ ওপৰতো আলোচনা কৰে। ইফালে প্ৰধানমন্ত্ৰী মোডীয়ে এই টেলিফোনিক বাৰ্তালাপৰ বিষয়ে টুইটাৰৰ জৰিয়তেও প্ৰকাশ কৰিছে।

একেদৰে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছোনাকেও টুইটাৰৰ জৰিয়তে এই বিষয়ে উল্লেখ কৰিছে। তেওঁক শুভেচ্ছা জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী মোডীক ধন্যবাদ জনাই ঋষি ছোনাকে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতৰ সৈতে একেলগে কাম কৰি যোৱাৰ কথা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। তেওঁ ভাৰতৰ সৈতে নিৰাপত্তা, প্ৰতিৰক্ষা, অৰ্থনৈতিক আজি দিশত একেলগে কাম কৰাৰো অংগিকাৰ লৈছে।

rihsi sunak narendra modi