আমি কেৱল পৰিকল্পনাৰ জৰিয়তে উত্তৰ-পূবৰ সৈতে সংযোগ স্থাপন কৰা নাই, এয়া হৃদয়ৰ সম্পৰ্কঃ প্ৰধানমন্ত্ৰী মোদী

নীতি নিৰ্ধাৰক, বিনিয়োগকাৰী, উদ্যোগৰ নেতাসকলৰ সমাৱেশত ভাষণ দি মোদীয়ে কয় যে এসময়ত কেৱল সীমান্ত হিচাপে দেখা এই অঞ্চলটোৱে এতিয়া ৰাষ্ট্ৰীয় উন্নয়নৰ ক্ষেত্ৰত আগশাৰীৰ হিচাপে আত্মপ্ৰকাশ কৰিছে।

author-image
Asomiya Pratidin
New Update
েেেে

ডিজিটেল ডেস্কঃ  শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূবক “আমাৰ বৈচিত্ৰ্যপূৰ্ণ ৰাষ্ট্ৰৰ আটাইতকৈ বৈচিত্ৰ্যপূৰ্ণ অংশ” বুলি অভিহিত কৰি নতুন দিল্লীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত উত্তৰ-পূব বিনিয়োগকাৰী সন্মিলন উদ্বোধন কৰে।

Advertisment

নীতি নিৰ্ধাৰক, বিনিয়োগকাৰী, উদ্যোগৰ নেতাসকলৰ সমাৱেশত ভাষণ দি মোদীয়ে কয় যে এসময়ত কেৱল সীমান্ত হিচাপে দেখা এই অঞ্চলটোৱে এতিয়া ৰাষ্ট্ৰীয় উন্নয়নৰ ক্ষেত্ৰত আগশাৰীৰ হিচাপে আত্মপ্ৰকাশ কৰিছে।

উত্থানশীল উত্তৰ-পূব বিনিয়োগকাৰী সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘পূব ভাৰতৰ বিকাশ অতি গুৰুত্বপূৰ্ণ, আৰু উত্তৰ-পূব হৈছে পূব ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ।আমাৰ বাবে পূব মানে কেৱল এটা দিশ নহয়;ইয়াৰ অৰ্থ হৈছে সবলীকৰণ, কাম কৰা, শক্তিশালী কৰা, আৰু ৰূপান্তৰিত কৰা।এইটো আমাৰ চৰকাৰৰ নীতি পূব ভাৰতৰ বাবে।এই নীতি আৰু অগ্ৰাধিকাৰে আমাৰ উত্তৰ-পূবক বৃদ্ধিৰ কেন্দ্ৰীয় পৰ্যায়লৈ লৈ গৈছে।”

উত্তৰ-পূবৰ প্ৰতি চৰকাৰৰ পন্থা কেৱল পৰিকল্পিত নহয়, আন্তৰিক বুলি উল্লেখ কৰি তেওঁ কয় যে, কেন্দ্ৰীয় মন্ত্ৰীসকলে ৭০০ বাৰৰো অধিক সময় উত্তৰ-পূব ভ্ৰমণ কৰিছে, ৰাতিটো থাকি অঞ্চলটোৰ সৈতে সঁচা অৰ্থত সংযোগ স্থাপন কৰিছে।

তেওঁ লগতে কয়, হমনে নৰ্থ-ইষ্ট ছে ছিৰফ যোজনাওন ছে নাহি, দিল ছে ৰীষ্ট বনয়া হায় (আমি কেৱল পৰিকল্পনাৰ জৰিয়তে উত্তৰ-পূবৰ সৈতে সংযোগ স্থাপন কৰা নাই, এয়া হৃদয়ৰ সম্পৰ্ক)। উত্তৰ-পূবৰ উন্নত আন্তঃগাঁথনিয়ে অঞ্চলটোক বৃদ্ধিৰ ক্ষেত্ৰত  আগশাৰীৰ দেশলৈ ৰূপান্তৰিত কৰিছে।

তেওঁ লগতে কয় যে উন্নত পথ আৰু সুবিধাই পৰ্যটনক অধিক আকৰ্ষণীয় কৰি তুলিছে, যিয়ে পাছলৈ বিনিয়োগকাৰীৰ আত্মবিশ্বাস বৃদ্ধি কৰিব আৰু অৰ্থনৈতিক উন্নয়নক আগুৱাই লৈ যাব।

 

নৰেন্দ্ৰ মোদী