/asomiyapratidin/media/media_files/2025/03/17/UaE4Ne2Jw3dy3RyZuGO0.jpg)
ডিজিটেল ডেস্ক : ২০০২ চনৰ গুজৰাটৰ গোধৰাৰ দাঙ্গা সন্দৰ্ভত মুখ খুলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। দেওবাৰে মাৰ্কিন সাংবাদিক লেক্স ফ্ৰিডমেনৰ পডকাষ্টৰ অতিথি হৈছিল প্ৰধানমন্ত্ৰী মোডী। এই সাক্ষাৎকাৰ অনুষ্ঠানত সাংবাদিকগৰাকীয়ে সোধা প্ৰতিটো প্ৰশ্নৰ উত্তৰ পুংখানুপুংখকৈ দিয়ে মোডীয়ে।
লগতে কেইবাটাও প্ৰশ্ন উত্তৰ সাৱলীল আৰু বিস্তৃতভাৱে ব্যাখ্যা কৰে। বহুকেইটা প্ৰশ্নৰ মাজতে সাংবাদিকগৰাকীয়ে গুজৰাটৰ দাঙ্গা সন্দৰ্ভত এক প্ৰশ্ন সুধিছিল।
সেই প্ৰশ্নৰ উত্তৰ দি মোডীয়ে কয়- ২০০২চনৰ পূৰ্বেও গুজৰাটতত দাঙ্গাৰ সৃষ্টি হৈছিল। ২৫০তকৈ অধিক দাঙ্গাৰ সৃষ্টি হৈছিল। ১৯৬৯ চনতো সৃষ্টি হৈছিল দাঙ্গা। এই দাঙ্গা প্ৰায় ৬মাহ ধৰি চলিছিল। ঠায়ে ঠায়ে কাৰ্ফিউ পৰ্যন্ত জাৰি কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছিল। যুক্তিৰে বিশ্লেষণ কৰিলে সেইটো ঘটনাহে ডাঙৰ ঘটনা হ'ব।
কিন্তু ২০০২ৰ পাছত সৃষ্টি হোৱা দাঙ্গাক লৈ বিৰোধী আৰু একাংশ ৰাইজে যি হুলস্থূলৰ সৃষ্টি কৰিছে তাৰ কোনো ভিত্তি নাই। এইবোৰ মিছা। ইতিমধ্যে ইয়াকলৈ আদালতে মিছা বুলি ৰায় দিছে। তাৰ পাছতো ইমান হুলস্থূল কৰাৰ যুক্তি ক’ত আছিল ! এইটো প্ৰসংগ একেবাৰেই ভুল বুলি মোডীয়ে উল্লেখ কৰে।
এই সন্দৰ্ভত মোডীয়ে লগতে কয় যে, ২০০২ চনৰ ২৭ ফেব্ৰুৱাৰীত গোধৰা কাণ্ড সংঘটিত হৈছিল। সেই সময়ত মই প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিলো। সেয়া আছিল ২৪ ফেব্ৰুৱাৰীৰ কথা। গতিকে এই কথা বিচাৰ কৰিলে সকলো স্পষ্ট হৈ পৰিব। ইয়াৰ আঁৰত কি কাৰ, কি অভিসন্ধি লুকাই আছে।
আনহাতে সাম্প্ৰতিক সময়ত গুজৰাটৰ পৰিৱৰ্তনক আলোকপাত কৰি মোদীয়ে কয় যে, ৰাজ্যখনত দুটা দশকৰো অধিক সময় ধৰি সাম্প্ৰদায়িক হিংসা চিন্তাৰ বিষয় হৈ পৰা নাই। এতিয়া গুজৰাটত শান্তিয়েই শান্তি। কাৰো মনত ভয় নাই, শংকা নাই। সকলোৱে কৰ্মমুখী হৈছে।
মোডীয়ে লগতে কয়- আমি কেতিয়াও ভোটবেংকৰ আশাত ৰাজনীতি কৰা নাই। ভোটবেংকৰ ৰাজনীতিৰ পৰা আঁতৰত থকাটোৱে আমাৰ মন্ত্ৰ। এতিয়া সবকা সাথ, সবকা বিশ্বাসত বিশ্বাসী সকলোৱে।