ডিজিটেল ডেস্কঃ ৰাজ্যসভাত বি আৰ আম্বেদকাৰক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৰা মন্তব্যৰ বিৰোধিতা কৰিছিল কংগ্ৰেছে। এই সন্দৰ্ভত অমিত শ্বাহক ক্ষমা খুজাৰ দাবী জনাইছিল বিৰোধীয়ে। আজি এই সন্দৰ্ভত সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীৰ সমৰ্থনত মোডীয়ে কয় যে, কংগ্ৰেছে বি আৰ আম্বেদকাৰৰ উত্তৰাধিকাৰ ধ্বংস কৰিবলৈ লেতেৰা কৌশল খেলিছে। “কংগ্ৰেছ আৰু ইয়াৰ পচি যোৱা পৰিৱেশ তন্ত্ৰই যদি ভাবে যে তেওঁলোকৰ কু-সংস্কাৰপূৰ্ণ মিছাই তেওঁলোকৰ কেইবাবছৰীয়া কু-কৰ্ম, বিশেষকৈ আম্বেদকাৰৰ প্ৰতি কৰা অপমান লুকুৱাই ৰাখিব পাৰে, তেন্তে এয়া তেওঁলোকৰ ভুল চিন্তা!”
প্ৰধানমন্ত্ৰীয়ে লগতে কয়, ‘ভাৰতৰ জনসাধাৰণে বাৰে বাৰে দেখিছে যে কেনেকৈ এটা বংশৰ নেতৃত্বত এটা দলে ড০ আম্বেদকাৰৰ উত্তৰাধিকাৰ নিঃশেষ কৰি অনুসূচিত জাতি-জনজাতিৰ জনগোষ্ঠীক অপমানিত কৰাৰ বাবে সকলো সম্ভাৱ্য কৌশলত লিপ্ত হৈ আহিছে।
ইয়াৰোপৰি কংগ্ৰেছে আম্বেদকাৰক ভাৰতৰত্ন প্ৰদান কৰিবলৈ অস্বীকাৰ কৰাৰ লগতে সংসদৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত তেওঁৰ প্ৰতিকৃতিক স্থান নিদিয়া বুলিও অভিযোগ উত্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে। লগতে কয় যে, কংগ্ৰেছে যিমানে চেষ্টা নকৰক তেওঁলোকে উনাই কৰিব নোৱাৰে যে, কংগ্ৰেছৰ শাসন কালতে অনুসূচিত জাতি-জনগোষ্ঠীক শোষণ কৰা হৈছিল।
উল্লেখ্য যে, মঙলবাৰে সংবিধানৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ সন্দৰ্ভত ৰাজ্যসভাৰ দুদিনীয়া অনুষ্ঠানত শ্বাহে কংগ্ৰেছ দলক আক্ৰমণ কৰি কৈছিল যে, আম্বেদকাৰৰ নাম লোৱাটো দলটোৰ বাবে “ফেশ্বন” হৈ পৰিছে ।