/asomiyapratidin/media/media_files/2025/04/27/SQv7ALe1Eqb39IMBSZsx.jpg)
পেহেলগামৰ ভুক্তভোগী পৰিয়ালে ন্যায় লাভ কৰিবই
ডিজিটেল ডেস্ক : দেওবাৰে ‘মন কী বাত’ অনুষ্ঠানত দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ‘মন কী বাত’ত প্ৰধানমন্ত্ৰীগৰাকীয়ে পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণত কমেও ২৮ জন লোকৰ মৃত্যুক লৈ গভীৰ শোক প্ৰকাশ কৰে। দেশবাসীক সদৰি কৰে, “মোৰ হৃদয়ত গভীৰ যন্ত্ৰণা। ২২ এপ্ৰিলৰ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাত নিহতসকলৰ পৰিয়ালৰ প্ৰতি প্ৰতিজন ভাৰতীয়ই গভীৰ সহানুভূতি অনুভৱ কৰিছে।”
দেওবাৰৰ ‘মন কী বাত’ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা পৰিয়ালক ন্যায় প্ৰদান কৰা হ’ব বুলিও আশ্বাস দিয়ে। মোদীয়ে লগতে উল্লেখ কৰে যে, “কাশ্মীৰলৈ শান্তি ঘূৰি আহিছিল। অভিলেখ গতিত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছিল, মানুহৰ আয় বৃদ্ধি হৈছিল, যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি হৈছিল। পহলগামত এই আক্ৰমণে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰাসকলৰ হতাশা দেখুৱাইছে, তেওঁলোকৰ কাপুৰুষালি প্ৰকাশ কৰিছে।”“সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ মালিকসকলে কাশ্মীৰ পুনৰ ধ্বংস হোৱাটো বিচাৰে আৰু সেয়েহে, তেওঁলোকে ইমান ডাঙৰ ষড়যন্ত্ৰ ৰচনা কৰিলে” বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
সন্ত্ৰাসবাদৰ বিৰুদ্ধে দেশবাসীক ঐক্যবদ্ধভাৱে যুঁজ দিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে। ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই যুদ্ধত দেশৰ ঐক্য, ১৪০ কোটি ভাৰতীয়ৰ সংহতি আমাৰ আটাইতকৈ ডাঙৰ শক্তি।এই ঐক্যই হৈছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ নিৰ্ণায়ক যুঁজৰ ভিত্তি। দেশৰ সন্মুখত এই প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ আমি আমাৰ সংকল্প শক্তিশালী কৰিব লাগিব। আমি জাতি হিচাপে আমাৰ দৃঢ় ইচ্ছাশক্তি প্ৰদৰ্শন কৰিব লাগিব। 'আমাৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত সমগ্ৰ বিশ্বই ১৪ বিলিয়ন ভাৰতীয়ৰ সৈতে থিয় দিছে।আকৌ এবাৰ মই ভুক্তভোগীৰ পৰিয়ালক আশ্বস্ত কৰিছো যে তেওঁলোকে ন্যায় পাব। এই আক্ৰমণৰ ষড়যন্ত্ৰকাৰী আৰু দোষীসকলে কঠোৰতম সঁহাৰিৰ সন্মুখীন হ'ব" বুলি সদৰি কৰে নৰেন্দ্ৰ মোদীয়ে।
ইফালে বিশ্বৰ কেইবাগৰাকীও নেতাই এই আক্ৰমণৰ বিৰুদ্ধে মাত মাতিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, "নেতাসকলে মোক ফোন কৰিছিল, চিঠি লিখিছিল, বাৰ্তা প্ৰেৰণ কৰিছিল। এই জঘন্য সন্ত্ৰাসবাদী আক্ৰমণক সকলোৱে তীব্ৰ ভাষাৰে গৰিহণা দিছে।"